বৰ্তমান বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগ৷ ছাত্র-ছাত্রীসকলে বৰ্তমান প্ৰযুক্তিৰ জৰিয়তে ঘৰতে বহি সকলো উচ্চ শিক্ষা তথা চাকৰিৰ সকলো তথ্য লাভ কৰিব পাৰে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি, অসম তথা দেশ-বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত কি কি বিষয়ৰ পাঠ্যক্রম পঢ়াৰ সুবিধা আছে, বিভিন্ন শিক্ষানুষ্ঠানসমূহত শিক্ষা লাভ কৰিবলৈ কেনেধৰণৰ অর্হতা লাগে, প্রতিযোগিতামূলক পৰীক্ষাবোৰৰ কাৰণে কেনেদৰে পঢ়া শুনা কৰিব লাগে, চাকৰিৰ কাৰণে কেনে অহর্তা লাগে, চাকৰিৰ বিজ্ঞাপন ক’ত পোৱা যায়, বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাবোৰৰ বিষয় তথ্য কেনেদৰে পাব পাৰি, ইন্টাৰনেটৰ জৰিয়তে তথ্য সংগ্রহ কৰিব পাৰি৷ কিন্তু ইয়াৰে অধিকাংশ ইন্টাৰনেটত কেনেদৰে তথ্য লাভ কৰিব পাৰি সেই বিষয়ে অজ্ঞ৷ ছাত্ৰ-ছাত্ৰীসকলে ইন্টাৰনেটত কেৰিয়াৰ বিষয়ৰ তথ্য লাভ কৰিবলৈ www.xomidhan.org  আৰু চাকৰিৰ কাৰণে www.sakori.org চাৰ্ছ কৰিব পাৰে৷ ইয়াৰ উপৰি, বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ বিজ্ঞাপন, পৰীক্ষাৰ বোৰৰ কাৰণে প্রস্তুতি চলাবলৈ তথা আৰ্হি প্রশ্নবোৰৰ তথ্য পাবলৈ ইন্টাৰনেটত http://­careerquips.blogspot.in/ চাব পাৰিব৷ ইয়াৰ উপৰি মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ৰ www.education.nic.in, বিশ্ববিদ্যালয় অনুদান আয়োগৰ www.ugc.ac.in, ভাৰতীয় চিকিৎসা পৰিষদৰ www.mciindia.org, ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদৰ www.naac.gov.in, নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদৰ www.aicte-india.org,  ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ www.aiuweb.org, দূৰ শিক্ষা পৰিষদৰ www.dec.ac.in, ভাৰতীয় নাৰ্ছিং পৰিষদৰ http://www.indiannursingcouncil.org/, আৰ্কিটেকচাৰ পৰিষদৰ http://­www.coa.gov.in/, ভাৰতীয় বাৰ পৰিষদৰ www.barcouncilofindia.org আদিত লাভ কৰিব৷ বৰ্তমান বিশ্বৰ লগতে ভাৰতবৰ্ষটো বিভিন্ন বিভাগ সমূহৰ নিজস্ব ৱেবছাইট আছে৷ আন্তঃৰাষ্ট্রীয়, ৰাষ্ট্রীয় তথা ৰাজ্যিক পর্যায়ৰ এই অনুষ্ঠান-প্রতিষ্ঠান সমূহে বিভাগটোৰ বৃত্তি, নিয়োগৰ বিষয়ে বাতৰি কাকত, আলোচনীত বিজ্ঞাপন দিয়াৰ লগতে  নিজস্ব ৱেবছাইটত সকলো তথ্য উল্লেখ কৰে৷ গতিকে, এই বৃত্তিবোৰৰ বিষয়ে সবিশেষ জানিবলৈ বাতৰি কাকত,আলোচনী, অনুষ্ঠান-প্রতিষ্ঠান তথা বিভাগবোৰৰ ৱেবছাইট বোৰত নিয়মীয়াকৈ চকু ফুৰাব লাগিব৷ ছাত্ৰ-ছাত্ৰীসকলে ইন্টাৰনেটৰ চাৰ্ছ ইঞ্জিনত প্ৰয়োজনীয় বিভাগটোৰ নাম চাৰ্ছ কৰি সকলো তথ্য লাভ কৰিব পাৰি৷ তদুপৰি, বৰ্তমান কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান সমূহে বিনামূলীয়াকৈ কেৰিয়াৰ কাউন্সেলিঙৰ  আয়োজন কৰে৷ এই কাউন্সেলিঙত প্রতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ কাৰণে কেনে অহর্তা লাগে তথা কেনেদৰে প্ৰস্তুতি চলাব লাগে, নিয়োগৰ বিজ্ঞাপনসমূহ ক’ত পোৱা যাব ঈত্যাদি জনোৱা হয়৷ তদুপৰি, বৰ্তমান বিভিন্ন আলোচনী, বাতৰি কাকতত কেৰিয়াৰ সম্পৰ্কীয় বিশেষ লেখনিৰ লগতে কেৰিয়াৰ সম্পৰ্কীয় গ্রন্থ প্ৰকাশ পাইছে৷ এই লেখনিসমূহ নিয়মীয়াকৈ পঢ়িলে নিজৰ কেৰিয়াৰ নিৰ্বাচনত সহায়ক হ’ব৷