কোকৰাঝাৰ, সংবাদ ৩৬৫, ২৩ এপ্ৰিলঃ কোকৰাঝাৰ জিলাত ভাৰতীয় সেনাই এনডিএফবি(এছ)’ৰ দুৰ্ধৰ্ষ কেডাৰ কে বাখাৰ বিৰুদ্ধে চলাইছে অভিযান, সেনাৰ প্ৰায় ৪০০ জোৱানে জিলাখনৰ বিভিন্ন স্থানৰ লগতে মানাহৰ বনাঞ্চল আৰু চিৰাং জিলাৰ ৰিপু বনাঞ্চলৰ গভীৰ অৰণ্যত কে বাখাক বিচাৰি অভিযান চলাইছে। এনডিএফবি(এছ) দুৰ্ধৰ্ষ নেতা জি বিদাই আৰু কে বাখা কোকৰাঝাৰ জিলাত বাহৰ পাতি থকাৰ খবৰ লাভ কৰাৰ পিছত এচএচবি’ৰ সহযোগত সেনা বাহিনীয়ে দুয়োকে আটক কৰিবলৈ অভিযান চলাইছে। সেনাই এই অভিযানত এনডিএফবি(এছ) দুৰ্ধৰ্ষ কেডাৰ দুজনৰ সন্ধান লাভ কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ ফলত সম্প্ৰতি কোকৰাঝাৰ জিলাত যুদ্ধসদৃশ পৰিবেশৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বেও অসম আৰক্ষী আৰু সেনাই জি বিদাই আৰু কে বাখাক ধৰিবলৈ অভিযান চলাইছিল যদিও সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।