কোকৰাঝাৰ, সংবাদ ৩৬৫, ৩ জুনঃ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজক মেগা এণ্টাৰটেইনমেণ্টে দেওবাৰে কোকৰাঝাৰৰ গৌৰাঙ ভেলী হোটেলত ১৬ সংখ্যক সংস্কৰণ ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট আৰু নৱম সংস্কৰণ গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ অডিচন আয়োজন কৰে। মেগা এণ্টাৰটেইনমেণ্টৰ দলে আহ ৪ জুনত আগৰতলাৰ হোটেল হেভেন ইন্টাৰ-কন্টিনেন্টেলত, ৬ জুনত ইটানগৰত, ৮ জুনত শ্বিলঙত আৰু সৰ্বশেষত ১০ জুনত গুৱাহাটীত অডিচন অনুষ্ঠিত কৰিব। এই অডিচনৰ মাধ্যমেৰে সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজকসকলে উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ পৰা ৫০ গৰাকী মহিলা আৰু ৫০ গৰাকী পুৰুষ নিৰ্বাচন কৰি ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট ২০১৮ আৰু গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০১৮ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।