কাজিৰঙা, ১৯ ছেপ্টেম্বৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত খাদ্য সংকটৰ ফলত বিভিন্ন জীৱ জন্তু মৃত্যু মুখত পৰিছে। তিনিবাৰকৈ বানপানীত প্লাবিত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱজন্তৱে খাদ্য সন্ধানত দাঁতিকাষৰীয়া গাওঁ সমূহত বিস্তৰ ক্ষতি সাধন কৰিছে। উল্লেখ্য যে, চৰকাৰে উপযোগী হাইলেণ্ড নিৰ্মাণ কৰিব নোৱাৰাৰ বাবে বানপানীৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ পাঁচশৰো অধিক জীৱজন্তৰ মৃত্যু হৈছে। এনেদৰেই জীৱকূলৰ মৃত্যু হৈ থাকিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংকটজনক অৱস্থাই দেখা দিব। কাজিৰঙাৰ ঐতিহ্য পূৰ্ণ জীৱ জন্তু যিকোনো ব্যৱস্থাৰে ৰক্ষা কৰিবলৈ প্ৰকৃতিপ্ৰেমীয়ে চৰকাৰক দাবী জনাইছে। আনহাতে আজি কঁহৰা বনাঞ্চলৰ অন্তৰ্গত বৰদলনী বনশিবিৰত এজনী  মৃত গঁড় উদ্ধাৰ কৰা হয়। প্ৰাপ্ত তথ্য মতে, খাদ্য সংকটৰ ফলত গঁড়জনীয়ে মৃত্যুক সাৱতি ল’বলগীয়া হয়। গঁড় জনীৰ খৰ্গটো বনবিভাগে উদ্ধাৰ কৰিছে। আনহাতে উদ্যানখনৰ একাংশ লোকে গঁড় জনীৰ মৃত্যুত সন্দেহ ব্যক্ত কৰিছে।