গুৱাহাটী, ১৯ এপ্ৰিলঃ মহানগৰীৰ খাৰঘূলিৰ জয়পুৰৰ কেইগৰাকী মান স্থানীয় বাসিন্দায়ে ঘৰ এৰি পলায়ন কৰিবলগীয়া হৈছে৷ ঘৰৰ বস্তু  আনকি কাপোৰ কানি সকলো ঘৰতে এৰি পলাবলগীয়া হৈছে এই স্থানীয় বাসিন্দাসকল৷  যোৱা মাহৰ দুই তাৰিখে এজন বাসিন্দায়ে ঘৰ এৰি যোৱাৰ পিছত আজি আন কেইঘৰ মানে নতুনকৈ সাজু হৈছে ঘৰ এৰিবলৈ৷ কিন্তু কিয় এই লোক সকলে কষ্টোউপাৰ্জিত ধনেৰে সজা ঘৰ এৰিছে? ঘটনাৰ আৰম্ভণি ২০১৪ চনত আৰু এতিয়া ই এক জটিল ৰূপ লৈছে জয়পুৰত৷ ২০১৪ চনত প্ৰথম জয়পুৰৰ পাহাৰীয়া অঞ্চলত কৃত্ৰিম বানে কেইঘৰ মান মানুহৰ চোতাল পাইছিল৷ এতিয়া এই কৃত্ৰিম বানে জয়পুৰত খিৰিকীৰে মানুহৰ ঘৰত সোমাইছে৷ জয়পুৰৰ প্ৰায় পাঁচঘৰ মান লোকৰ ঘৰ এতিয়া আধা পানীৰ তলত৷ ঘৰৰ সকলো সামগ্ৰী পানীৰ তলত৷ কাপোৰ-কানি, ফ্ৰীজ, আলমাৰী, ৱাছিং মেচিনকে ধৰি মূল্যবান সামগ্ৰীৰ পানীৰ তলতে এৰি নিজৰ মৰমৰ ঘৰখন ত্যাগ কৰিবলৈ বাধ্য হৈছে স্থানীয় বাসিন্দা৷ যোৱামাহৰ ২ তাৰিখে হোৱা বৰষুণত এজন ব্যক্তিয়ে নিজৰ ঘৰ এৰি ভাড়াঘৰলৈ যাবলগীয়া হোৱাৰ বিপৰীতে আজি এজাক বৰষুণতে আধালৈকে ডুব গৈছে পাঁচটাকৈ ঘৰ৷ জয়পুৰত থকা এটি নলাৰ ওপৰেৰে দুজন ব্যক্তিয়ে নিৰ্মান কাৰ্য চলোৱাৰ বাবে এই কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি স্থানীয় বাসিন্দাই অভিযোগ কৰিছে৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই এই কৃত্ৰিম বান ৰোধৰ নিৰ্দেশ দিছিল যদিও এইক্ষেত্ৰত আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় বাসিন্দা৷