ডিব্ৰুগড়, সংবাদ ৩৬৫, ১৭ মাৰ্চ: ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী চকীৰ অন্তৰ্গত বেতনি চাৰিআলি, চামোৱাগাঁও আৰু চেনিমাৰিত নাহৰফুটুকী বাঘৰ আক্ৰমণত আঠজনকৈ লোক আহত হৈছে। নাহৰফুটুকী বাঘৰ আক্ৰমণত আঠজনকৈ লোক আহত হোৱাত সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। জানিব পৰা মতে বনাঞ্চলৰ পৰা ওলাই আহি নাহৰফুটুকী বাঘটোৱে জনাঞ্চলত প্ৰৱেশ কৰি মানুহৰ ওপৰত আক্ৰমণ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰে। বৰ্তমানেও নাহৰফুটুকী বাঘটো অঞ্চলটোত লুকাই থকাত সমগ্ৰ অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে। নাহৰফুটুকী বাঘৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা ব্যক্তি সকলৰ মাজত গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত ব্যক্তি সকলক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে। বৰ্তমান অঞ্চলটোত বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ নাহৰফুটুকী বাঘটোক আটক কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।