পিংকু বৰা যোৰহাট, ১৩ এপ্ৰিলঃ বৃহত্তৰ অসমীয়াৰ মহাজাতিৰ জাতীয় উৎসৱ বিহু৷ অসমীয়াৰ নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে কৃষি-কৰ্মৰ প্ৰস্তুতি আৰু প্ৰকৃতিৰ চিৰন্তন প্ৰেম-ৰীতি-নীতিক উদ্দেশ্য কৰি বিহু পালন কৰা হয়৷ কিন্তু আধুনিকতাৰ ধামখুমীয়াৰ মাজত ক্ৰমাৎ হেৰাই যাব ধৰিছে বিহুৰ প্ৰকৃত উদ্দেশ্য৷ কৃষি-কৰ্ম আৰু প্ৰকৃতি প্ৰেম-ৰীতি সলনি বৰ্তমান বিহু আনন্দ উৎসৱলৈ পৰিবৰ্ত্তন হৈছে৷ বিহুৰ আনন্দ উৎসৱৰ মাজতে অসমীয়াই নিজৰ, পৰিয়ালৰ উপৰি দেশৰ অৰ্থনৈতিক ভেঁটি টনকিয়াল কৰাৰ লগতে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কাৰণে এটা ভাল কাম কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিব নোৱাৰিনে? প্ৰকৃততে ব’হাগ অৰ্থাৎ এপ্ৰিলৰ পৰা জুন মাহলৈকে বৃক্ষ ৰোপনৰ সুন্দৰ সময়৷ পূৰ্বতে ইয়াক উদ্দেশ্য কৰি বিহু উৎসৱ পালন কৰা হৈছিল৷ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি বিহু দিনা এজোপা মহামূল্যবান বৃক্ষৰোপন কৰি সুস্থ পৰিবেশ সৃষ্টিত কৰি সমগ্ৰ অসমক বিশ্বৰ আগত গৌৰৱাম্বিত কৰিব পাৰি৷ অনবদ্য প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলোতকৈ মূল্যবান সম্পদবিধ সাঁচি গছ৷ তেল, কয়লা, চাহ শিল্পই ফেৰ মাৰিব নোৱাৰা সুগন্ধি তেলৰ উদ্ভিদ সাঁচিৰ তিনিটা প্ৰজাতিৰ ভিতৰত অসমত থকা উদ্ভিদ বিধেই বিশ্বৰ বজাৰত মূল্যবান৷ ১০-১৫ বছৰীয়া এজোপা সাঁচি গছৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত কমেও ৫-৩০ লাখ পৰ্যন্ত৷ সাঁচি গছৰ ইমান সম্ভাৱনা থকা সত্বেও ই আজিও উপেক্ষিত৷ অসমত বিশেষকৈ উজনিত মানুহৰ ঘৰে ঘৰে পোৱা যায় সাঁচি গছ৷ কিন্তু  এচাম চতুৰ ব্যৱসায়ীয়ে সাধাৰণ লোকৰ অজ্ঞতাৰ সুযোগ লৈ তেওঁলোকৰ পৰা পানীৰ দৰত সাঁচি গছ ক্ৰয় কৰি অধিক মুনাফা আদায় কৰিছে৷ উল্লেখ্য যে, অসমৰ বাহিৰৰ অধিকাংশ ৰাজ্যত অধিকাংশই চাকৰিৰ লগতে ক্ষুদ্ৰ-বৃহৎ ব্যৱসায়-বাণিজ্য, কৃষি-উদ্যোগত কৰি নিজক আৰ্থিক ভাবে স্বাৱলম্বী কৰিছে৷ পঞ্জাৱ, হাৰিয়ানা, তামিলনাডুৰ যুৱক-যুৱতীসকলে শিক্ষা সমাপ্ত কৰাৰ পিছত চাকৰি কৰাতকৈ ব্যৱসায়, বাণিজ্য, উদ্যোগ আদিতহে গুৰুত্ব দিয়ে৷ কিন্তু অসমৰ যুৱক-যুৱতীসকলে শিক্ষা সমাপ্ত কৰাৰ পিছত  ব্যৱসায়, বাণিজ্য, কৃষি উদ্যোগতকৈ চাকৰি কৰাতহে বেছিকৈ গুৰুত্ব দিয়া দেখা যায়৷ যাৰ কাৰণে অসমত নিবনুৱা সমস্যা দিনক-দিনে বৃদ্ধি পাব ধৰিছে৷ তথ্য অনুসৰি, অসমত শিক্ষিত নিবনুৱাৰ সংখ্যা প্ৰায় ২০ লাখ৷ প্ৰতি বছৰে গড় হিচাপত ৬০-৬৫ হাজাৰ যুৱক-যুৱতীয়ে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰে৷ চাকৰি বিচাৰি হাবাথুৰি খোৱাতকৈ আজৰি সময়ত সাঁচি গছপুলি ৰোপন কৰি ভালদৰে প্ৰতিপালন কৰিলে, নিজে লাভবান হোৱাৰ লগতে অসমৰ অৰ্থনীতি টনকিয়াল কৰি বিশ্বৰ ভিতৰত ভাৰতবৰ্ষক জাকত-জিলিকা কৰিব পাৰি৷ এইবেলি পহিলা ব’হাগৰ দিনটোত প্ৰতিজন অসমীয়াই এজোপা মূল্যবান গছপুলি ৰোপন কৰি অসমীয়া নতুন বৰ্ষক আদৰাৰ লগতে অসম তথা ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাব পাৰি৷