গুৱাহাটী, ১৮ এপ্ৰিলঃ ৰাজ্যৰ একাংশ অসাধু ব্যৱসায়ীয়ে গাড়ী পলিচৰ নামত গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ জানিব পৰা মতে, অসাধু ব্যৱসায়ীসকলে টেফলন পুটিং পলিচৰ নামত ভূৱা ব্যৱসায় চলাই আহিছে৷ তেওঁলোকে টেফলনৰ পৰিবৰ্ত্তে পেঞ্চীচিলেন্তকে আদি কৰি বিভিন্ন কম দামী পলিচ ব্যৱহাৰ কৰি টেফলিনৰ সমান মূল্য লোৱাৰ অভিযোগ উঠিছে৷ কোনো গ্ৰাহকে টেফলন আৰু পেঞ্চীচিলেন্তৰ মাজৰ পাৰ্থক্য বুজি ব্যৱসায়ীসকলক প্ৰশ্ন সুধিলে, তেওঁলোকে চালে বেৰে কোবোৱা উত্তৰ দি গাপ মৰাৰ চেষ্টা চলায়৷ উল্লেখ্য যে, কাৰ চাইন ইণ্ডিয়াৰ সৌজন্যত ১৯৯৮ চনৰ পৰা ৰাজ্যৰ বজাৰত মিৰাকল টেফলন উপলদ্ধ হৈছে৷ ইয়াৰ বৈজ্ঞানিক নাম প’লি’টেষ্ট্ৰ ফু’ৰো ইফিলি ২০ (PTFEK20)৷ তদুপৰি টেফলন পুটিংঙে পাৰিপাশ্চিক প্ৰদূষন, কালাৰ ফেদিং, চেন্ট স্প্ৰে, এচিদ আৰু ধূলিৰ পৰা গাড়ীখন ৰক্ষা কৰে৷ কিছুমান অসাধু ব্যৱসায়ীয়ে ইয়াৰ সলনি বিভিন্ন কম মূল্যৰ পলিচ ব্যৱহাৰ কৰি গ্ৰাহকক ঠগি অধিক মুনাফা আদায় কৰি আহিছে৷ ভুক্তভোগী গ্ৰাহকে এনে অসাধু ব্যৱসায়ীৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে৷