বাক্সা, সংবাদ ৩৬৫, ১৯ জুনঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত গুৱাবাৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়ত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ নাগ্ৰিজুলী আঞ্চলিক সমিতিৰ উদ্যোগত মঙলবাৰে এক সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। গোৰ্খা ছাত্ৰ সন্থাৰ নাগ্ৰিজুলী আঞ্চলিক সমিতিৰ সভাপতি উদয় ভট্টৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠাৰ উদ্দেশ্য ব্যাখ্য কৰে গোৰ্খা ছাত্ৰ সন্থাৰ নাগ্ৰিজুলী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ৰাজেন অধিকাৰীয়ে। অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চত্তৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ২৪ গৰাকী কৃতিমান ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু বজগাই, সাধাৰণ সম্পাদক মাধৱ ছেত্ৰী, শিক্ষা সম্পাদক প্ৰতাপ মগৰ, নাগ্ৰিজুলী আঞ্চলিক আগছুৰ প্ৰাক্তন সভাপতি ৰাজু লমচাল, নাগ্ৰিজুলী আঞ্চলিক সমিতি আগছুৰ প্ৰতিষ্ঠাপক কৰ্ণ বিমলী, নাগ্ৰিজুলী আঞ্চলিক সমিতিৰ এবছুৰ সভাপতি ফুকন বড়ো, অসম গোৰ্খা সন্মিলন বাক্সা জিলা সমিতিৰ প্ৰাক্তন সভাপতি উপেন থাপা, বাবুজী হাই স্কুলৰ প্ৰধান শিক্ষক নেত্ৰ শৰ্মা, গোৰ্খা সন্মিলন গুৱাবাৰী শাখা সমিতিৰ সভাপতি লাল বাহাদুৰ থাপাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি, শতাধিক ছাত্ৰ-ছাত্ৰী আৰু আগছুৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।