গুৱাহাটী, ১২ জুলাইঃ সৰ্বভাৰতীয় দবা ফেডাৰেছনৰ স্বীকৃতিপ্ৰাপ্ত গুৱাহাটী দবা সন্থাই আয়োজন কৰা  আন্তঃৰাষ্ট্ৰীয় ফিডে দবা ৰেটিং প্ৰতিযোগিতাখন মহানগৰীৰ নুনমাটীত আজি আনুষ্ঠানিক ভাবে মুকলি কৰা হয় । প্ৰতিযোগিতাখন আনুষ্ঠানিক ভাবে মুকলি কৰে গুৱাহাটী দবা সন্থাৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে। উদ্ধোধনী অনুস্থানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক যোগেন বৰপূজাৰী আৰু অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ। অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ ২৫৭ জন খেলুবৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আন্তঃৰাষ্ট্ৰীয় ফিডে দবা ৰেটিং প্ৰতিযোগিতাখন অহা ১৬ জুলাইত সামৰণি পৰিব।