গুৱাহাটী, ১৭ আগষ্টঃ গুৱাহাটীৰ হােটেল লিলিত অহা ১৮ আগষ্টৰ দিনা দেখা পোৱা যাব ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্রান্তৰ অসংখ্য সুন্দৰী মহিলা মডেলৰ কেটৱাক দেখা পোৱা যাব বহুতো জনপ্রিয় আৰু প্রখ্যাত ডিজাইনাৰৰ অনৱদ্য ডিজাইনসমূহ। ‘দ্য ক্রিয়েটিভ পিপ’ল’ৰ উদ্যোগত আৰু মানিকচন্দ জুৱেলাৰীৰ সহযোগত উক্ত দিনা হােটেল লিলিত অনুষ্ঠিত হ’ব “মিছেছ ইণ্ডিয়া গ্ল’বেল ইন্টাৰনেশ্চনেল’ শীর্ষক সৌন্দর্য প্রতিযোগিতাখনি। সন্ধিয়া ৬ বজাৰপৰা অনুষ্ঠিত হ’ব লগা উক্ত প্রতিযোগিতাতত ২০ ৰ পৰা ৪৮ বছৰ বয়সৰ সকলো বিবাহিত মহিলাই অংশগ্রহণ কৰিব পাৰিব। প্রথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ’ব লগা উক্ত প্রতিযোগিতাৰ বিজয়ীসকলে অহা নৱেম্বৰ মাহত মালয়েছিয়াত অনুষ্ঠিত হ’ব লগা “মিছেছ ইন্টাৰনেশচনেল গ্ল’বেল”ত অংশগ্ৰহণৰ বাবে যোগ্যতা অর্জন কৰিব ৪০ বছৰ উদ্ধৰ আৰু অনুৰ্দ্ধাৰ—এই দুটা শাখাত অনুষ্ঠিত হ’ব লগা প্রতিযোগিতাখনিৰ অফিছিয়েল ডিজাইনাৰ হিচাপে আছে অসমৰ এগৰাকী জনপ্রিয় ডিজাইনাৰ আৰু কৰিঅ’গ্ৰাফাৰ কাঞ্চন ছৱিৰৱাল। এই প্রতিযোগিতাৰ সৈতে জড়িত আছে অসমৰ জনপ্রিয় ফেশ্চন ডিজাইনাৰ প্রশান্ত ঘোষ, শিখা গগৈ, অঞ্জ বৰগোহাই আদিৰ লগতে কমল চনি, মুনমী বৰুৱা, প্রিয়ংকা ৰাজখোৱা আদি। আন এজন ফেশ্চন ডিজাইনাৰ সঞ্জয় চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত হ’ব লগা উক্ত প্রতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকিব বলিউডৰ খ্যাতনামা অভিনেতা দিগন্ত হাজৰিকা, অসমৰ জনপ্রিয় অভিনেত্রী নিশিতা গোস্বামী, ডিজাইনাৰ মেহ জাবিন ইছদিৰ লগতে মিছেছ ইন্টাৰনেশ্চনেল খিতাপ খিতাপ বিজয়ী নুপূৰ ছেহগাল আৰু ক্রিকেটাৰ নিশান্ত বৰদলৈ। ইপিনে, উক্ত অনুষ্ঠানৰ লগত সমান্তৰালকৈ পুৰষ মডেলসকলৰ মাজত অনুষ্ঠত হ’ব “মেলষ্টম২০১৭৷” শীৰ্ষক আন এক আকর্ষনীয় ফেশ্চন প্রতিযোগিতা। উত্তৰ পূৰ্বাঞ্চলৰ মডেলসকলৰ বাবে অত্যন্ত আশাব্যঞ্জক। এই প্রতিযোগিতাৰ চূড়ান্ত বিজয়ীসকলে অহা বছৰ নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা ৰুবাৰু ফেশ্চন প্রতিযোগিতাৰ বাবে পােনপটীয়াকৈ নিৰ্বাচিত হ’ব।