গুৱাহাটী, সংবাদ ৩৬৫, ১৩ জুনঃ গুৱাহাটী ৰে’ল ষ্টেচন বুধবাৰে পুৱা ৰে’ল আৰক্ষীয়ে ৰাজধানী নামনিমুৱা এক্সপ্ৰেছৰ পৰা বৃহৎ পৰিমাণৰ মৰফিন জব্দ কৰিবলৈ সক্ষম হয়। ৰে’ল আৰক্ষীয়ে পুৱা তালাচী চলাই চেলুট ৰাচুল নামৰ এজন ব্যক্তিৰ কবলৰ পৰা বৃহৎ পৰিমাণৰ মৰফিন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইবাদুল হক নামৰ উত্তৰ প্ৰদেশৰ এজন লোকৰ কবলৰ পৰা ৰে’ল আৰক্ষীয়ে মৰফিনখিনি জব্দ কৰে। জানিব পৰা মতে লোকজনে ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ মৰফিনখিনি নিয়াৰ পৰিকল্পনা কৰোতে গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীৰ হাতত ধৰা পৰে। ৰে’ল আৰক্ষীয়ে জব্দ কৰা ৯০০ গ্ৰাম মৰফিন বজাৰ মূল্য প্ৰায় ৩ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যোৱা সোমবাৰেও ৰে’ল আৰক্ষীয়ে গুৱাহাটী ৰে’ল ষ্টেচনত সমপৰিমাণৰ মৰফিনসহ উত্তৰ প্ৰদেশৰ এজন লোকক আটক কৰিছিল। পূৰ্বেও বিভিন্ন সময়ত গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ জব্দ কৰাৰ লগতে এনে সামগ্ৰী সৰবৰাহৰ লগত জড়িত কেইবাজনো লোকক আটক কৰিছে।