গোলকগঞ্জ, ৭ জানুৱাৰী: ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টীৰ হালাকুৰাত শনিবাৰে নিশা আৰক্ষীয়ে ১৫ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। শনিবাৰে নিশা হালাকুৰা আৰক্ষীয়ে এক গোপন সুত্ৰৰ আধাৰত দীঘলটাৰীত অভিযান চলাই ফজল সেখ নামৰ এজন লোকৰ ঘৰৰ সন্মুখত থকা পথাৰৰ পৰা এই গৰু কেইটা জব্দ কৰে। এতিয়ালৈ গৰু কেইটাৰ মালিকৰ নাম জানিৱ পৰা হোৱা নাই। প্ৰতি বছৰে অসমৰ পৰা এটা দুষ্ট চক্ৰই বাংলাদেশলৈ গৰু অৱৈধ চালনা কৰি আহিছে। এই ক্ষেত্ৰত আৰক্ষী শনিবাৰে নিশা এই ১৫ টা গৰু জব্দ কৰাত আৰক্ষীয়ে এক সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে।