দেৰগাওঁৰ পৰা আহমেদ হুছেইন, ৭ ডিচেম্বৰঃ গোলাঘাট জিলাৰ দেৰগাঁও থানাৰ অন্তৰ্গত কাকডোঙা, চোনাখাট, বুঢ়াগাঁও, গোহাঁইমেৰ অঞ্চলত কিছুদিন ধৰি বাঘৰ আতংকই সৰ্বসাধাৰণ ৰাইজক বাৰুকৈয়ে ভীতিগ্ৰস্ত কৰি তুলিছে। ইতিমধ্যে বাঘৰ আক্ৰমণত অঞ্চলটোত কেইবাটাও পশুধন নিধন হৈছে যদিও বনবিভাগে এই ক্ষেত্ৰত কোনোধৰণ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ৰাইজৰ অভিযোগ মতে অঞ্চলটোত বাঘৰ সন্ত্ৰাসৰ কথা কেইবাবাৰো বনবিভাগক অৱগত কৰোৱাৰ পিছতো বনবিভাগৰ কোনো বিষয়া কৰ্মচাৰী উপস্থিত হোৱা নাছিল অঞ্চলটোত। উল্লেখযোগ্য যে এই অঞ্চলটোত কেইবাবছৰ ধৰি বাঘ মানুহৰ সংঘাত চলি আছে। স্থানীয় ৰাইজে বনবিভাগক বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ কেইবাবাৰো আবেদন নিবেদন কৰি আহিছে যদিও বনবিভাগৰ ফালৰ পৰা এই ক্ষেত্ৰত কোনো ধৰণৰ ইতিবাচক পদক্ষেপ লোৱা হোৱা নাই। বৰ্তমান অঞ্চলটোত তীব্র চাঞ্চল্য বিৰাজ কৰিছে, আন্ধাৰ হলে মানুহে বাঘৰ ভয়ত ঘৰৰ পৰা ওলাবলৈ বন্ধ কৰিছে। অচিৰেই বনবিভাগৰ লোক অঞ্চলটোত উপস্থিত হৈ পশুধনৰ উপযুক্ত ক্ষতিপূৰণ নিদিলে আগন্তুক দিনত ৰাইজে বনবিভাগৰ বিৰুদ্ধে এক সবল গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।