গোলাঘাটৰ পৰা আহমেদ হুছেইন, ১২ ডিচেম্বৰঃ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ফটা ঢোল বজাই থকাৰ সময়তে গোলাঘাট জিলাত উন্মোচিত হৈছে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ফোঁপোলা স্বৰূপ। গোলাঘাট জিলাৰ আসামাৰিক চিকিৎসালয়ত প্ৰায় দুমাহ ধৰি বিকল হৈ আছে শল্য চিকিৎসা বিভাগৰ অস্ত্রোপচাৰ মেচিন। অস্ত্রোপচাৰ কৰিব লগীয়া ৰোগীক অস্ত্রোপচাৰ মেচিন বেয়া হৈ থকাৰ বাবে চিকিৎসকে সদায় দিন সলনি কৰি থকাৰ লগতে বেছি ভাগ ৰোগীক স্থানীয় নাৰ্চিংহোম বা যোৰহাট মেডিকেল চিকিৎসালয়লৈ স্থানান্তৰ কৰি আছে। প্ৰাপ্ত তথ্য মতে, মেচিন বিকল হৈ থকা বিষয়টো চিকিৎসালয়ৰ কৃতপক্ষই গোপনে ৰাখি ৰোগীসকলক এনেদৰে হাৰাশাস্তি কৰি আহিছে। ৰোগীসকলৰ অভিভাৱকৰ পৰা পোৱা অভিযোগৰ ভিত্তিত অসম চাহ জনজাতি ছাত্ৰ সংন্থাৰ গোলাঘাট জিলা সমিতিয়ে মঙলবাৰে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰী সকলে স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্ম্মা মূৰ্দাবাদ, স্বাহ্যমন্ত্ৰী কাম নাই ধ্বনিৰে পৰিবেশ উওাল কৰি তোলে চিকিৎসালয় চৌহদ। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে জনোৱা মতে দুদিনৰ ভিতৰত অস্ত্রোপচাৰ মেচিন কাৰ্য্যক্ষম নহলে আগন্তুক দিনত সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।