গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ১৯ এপ্ৰিলঃ গোৱালপাৰা জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয় প্ৰাংগণত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। জিলাখনৰ বিদ্যালয় সমূহত ছাত্র ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি দিয়া, বিভিন্ন শিক্ষানুষ্ঠান সমূহত শিক্ষক আৰু অধ্যক্ষ নিযুক্তি দিয়া, শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঁথনিৰ লগতে সকলো ক্ষেত্ৰতে উন্নয়ন সাধন কৰাৰ দাবীত সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে ধৰ্ণা কাৰ্যসূচী পালন কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গোৱালপাৰা মহাবিদ্যালয় খেলপথাৰৰ পৰা গোৱালপাৰা চহৰৰ মাজেৰে ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে এক সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্য্যালয় পোৱাৰ পূৰ্বেই আৰক্ষীয়ে বেৰীকেত দি প্ৰতিবাদকাৰী সকলক বাধা আৰোপ কৰাত প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে গোৱালপাৰা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা ভাৰপ্ৰাপ্ত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ লগতে শিক্ষাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত গৰাকীৰ প্ৰতিবাদস্থলীত উপস্থিতি বিচাৰে পৰিবেশ অধিক উত্তাল কৰি তোলাত ছাত্র মুক্তিৰ সদস্য সকলৰ সৈতে শীৰ্ষ আৰক্ষী বিষয়াৰ তৰ্ক যুদ্ধ হয় যদিও শিক্ষাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত গৰাকী প্ৰতিবাদস্থলীত উপস্থিত হোৱাত অতিৰিক্ত উপায়ুক্ত গৰাকীৰ হাতত ছাত্র ছাত্ৰীসকলে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ বাবে এখন স্মাৰকপত্ৰ অৰ্পণ কৰে। প্ৰতিবাদস্থলীত ছাত্র মুক্তিৰ কাৰ্যকৰী সভাপতি অশ্ৰাফুল ইছলাম উপস্থিত হৈ শিক্ষা ব্যৱস্থাক চৰকাৰে পণ্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰে।