গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২২ এপ্ৰিলঃ সদৌ অসম ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা কমিটিৰ উদ্যোগত দেওবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে আৰম্ভ হৈছে সদৌ অসম মুকলি বিহু প্ৰতিযোগীতা। গোৱালপাৰা মহাবিদ্যালয় খেল পথাৰত দেওবাৰে শুভাৰম্ভ কৰা হয় সদৌ অসম মুকলি বিহু প্ৰতিযোগীতাৰ। মুকলি বিহু প্ৰতিযোগিতাৰ আৰম্ভনিৰ কাৰ্যসুচী অনুসৰি দেওবাৰে পুৱা বন্তি প্ৰজলন কৰে গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু মনি ভূঞা। বন্তি প্ৰজলন পিচতে জিলা সভাপতিৰ দ্বাৰা ছাত্ৰ সন্থা আৰু বিহুৰ পতাকা উত্তোলন কৰাৰ পিছত জিলা উপায়ুক্ত ঘণশ্যাম দাসে শুভাৰম্ভ কৰা এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিভিন্ন জাতি জনগোষ্টীৰ কলা কৃষ্টীৰ প্ৰদৰ্শন কৰা এই শোভাযাত্ৰা গোৱালপাৰা চহৰৰ মাজেৰে হৈ বিভিন্ন স্থানত পৰিভ্ৰমণ কৰে। অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ সোমবাৰৰ পৰা অনুষ্ঠিত হব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহু দল সকলৰ মাজত প্ৰতিযোগীতা।