বৰ্তমান মানুহ শৰীৰৰ প্ৰতি অতি সচেতন৷ দিনটোৰ কৰ্মব্যস্ততাৰ মাজতো শৰীৰটো সুন্দৰ ভাৱে ৰাখিবলৈ সকলো চিন্তাম্বিত৷ গ্ৰীষ্মৰ আগমনৰ লগে লগে সূৰ্য্যৰ প্ৰখৰ তাপত জলবায়ু শুকান হৈ পৰাত আমাৰ শৰীৰটোও ৰুদ্ৰ হৈ পৰে৷ গৰমত ডি-হ্ৰাইড্ৰেছন, মূৰ ঘূৰোৱা, খজুৱতি, ৱ’মিট, এলেহুৱা ভাৱ বৃদ্ধি দৰে বিভিন্ন সমস্যাই দেখা দিয়ে৷ গ্ৰীষ্মকালৰ প্ৰখৰ তাপৰ মাজতো আমি অলপ সচেতন হ’লেই নিজক সুষ্ঠ-সৱল কৰি ৰাখিব পাৰো৷ সূৰ্যৰ প্ৰখৰ তাপে আমাৰ শৰীৰৰ পানী শুঁহি লয়৷ যাৰ কাৰণে ডি-হ্ৰাইড্ৰেছন, মূৰ ঘূৰোৱাৰ দৰে সমস্যাই দেখা দিয়ে৷ সেয়ে গৰম দিনত ঘৰৰ পৰা ওলোৱা পূৰ্বে আহাৰ গ্ৰহণ কৰি পানী খাইহে ওলাব লাগে৷ গৰমত সহজে আহাৰ হজম নহয়৷ সেয়ে লঘু আহাৰ গ্ৰহণ কৰিব লাগে৷ দিনটোত কমেও দুই পৰা তিনি লিটাৰ পানী খাব লাগে৷ গৰমত শৰীৰটো সতেজ ৰাখিবলৈ ফলাহাৰ, জুছ অধিক পৰিমানে খাব লাগে, যাতে শৰীৰে প্ৰয়োজনীয় পুষ্টি লাভ কৰে৷ তিয়ঁহ, বেঙেনা, পালেং, পুদিনা, নেমু, তৰমুজ আদি খাব লাগে৷ সাজ-পোছাকৰ ক্ষেত্ৰত কপাহী আৰু পাতলীয়া কালাৰৰ কাপোৰ পৰিধান কৰিব লাগে৷ শৰীৰটোক সূৰ্য্যৰ তাপৰ পৰা বচাবলৈ হাত দীঘল কাপোৰ পৰিধান কৰাৰ লগতে মুখখনো কপাহী কাপোৰে ঢাকি ৰাখিব লাগে৷ ­­­শৰীৰৰ পৰা ওলোৱা ঘাম ৰুমাল অথবা কপাহী কাপোৰে মোহাৰিব লাগে৷ খাদ্যৰ লগত পিয়াজ খাব লাগে৷ গৰম দিনত আসন কৰাও স্বাস্থ্যৰ কাৰণে বহু উপকাৰী৷