সোণতলী, ১৪ এপ্ৰিলঃ বিভিন্ন অপৰাধ, অন্ধবিশ্বাস আৰু কুসংস্কাৰে জৰ্জৰিত হৈ থকা ৰাজ্যখনত এতিয়াও প্ৰায়ে দেখিবলৈ পোৱা যায় বাল্য বিবাহ নিচিনা সামাজিক ব্যাধি৷ আৰক্ষী, প্ৰশাসন সকলো বিফল বাল্য বিবাহৰ দৰে গুৰুত্বৰ অপৰাধ নিয়ন্ত্ৰণত৷ কিছু বেচৰকাৰী সংগঠন আৰু ছাত্ৰ সংগঠনৰ তৎপৰতাত ৰাজ্যখনত বাল্য বিবাহ দৰে ঘটনা কিছু হ্ৰাস পাইছে যদিও এতিয়াও ৰাজ্যৰ বিভিন্ন ঠাইত অব্যাহত আছে বাল্য বিবাহ৷ এই নিঃস্ব সামাজিক ব্যাধিয়ে বহু কিশোৰীৰ জীৱন ধ্বংস কৰাৰ লগতে মৃত্যুক সাৱতি ল’বলৈ বাধ্য কৰাইছে৷  ঠিক তেনে এক বাল্য বিবাহৰ ব্যাধিয়ে প্ৰাণ ল’লে এগৰাকী ফুলকুমলীয়া কিশোৰীৰ৷  আইন অমান্য কৰি মাত্ৰ ১২ বছৰ বয়সতে পৰিয়ালৰ লোকে বিয়া দিছিল গৰৈমাৰীৰ এগৰাকী কিশোৰীক ৷ এই কৰুণ ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত টুক্ৰাপাৰাত ৷ জানিব পৰা মতে প্ৰায় ছমাহ পূৰ্বে এগৰাকী পিতৃয়ে ভাউৰিয়াভিঠা গাঁৱৰ ছুৰমান আলীৰ পু্ত্ৰ জাকিৰ হুছেইনৰ লগত তেওঁৰ কন্যাক বিবাহপাশত আৱদ্ধ হ’বলৈ বাধ্য কৰাইছিল ৷ বিয়া শব্দৰ অৰ্থ বুজি নোপোৱা ১২ বছৰীয়া অসহায় কিশোৰী গৰাকী দুয়োটা পৰিয়ালৰ হেঁচাত বিয়াত বহিবলৈ বাধ্য হয় ৷ তাৰ পিছতেই কিশোৰী গৰাকীৰ জীৱনলৈ নামি আহিছিল ঘোৰ অমানিশা ৷ স্বামী তথা স্বামীৰ পৰিয়ালৰ অকথ্য নিৰ্যাতনৰ ফলত কিশোৰী গৰাকীৰ পিতৃৰ গৃহলৈ যাবলৈ বাধ্য হয়৷ কিন্তু পিতৃ গৃহৰ পৰাও কিশোৰীগৰাকীক স্বামীৰ ঘৰত যাৱলৈ হেঁচা প্ৰয়োগ কৰা হয়৷  পিতৃ আৰু স্বামী গৃহৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত বুধবাৰে কীটনাশক দৰব সেৱন কৰি কিশোৰী গৰাকীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হয়৷ কিশোৰী গৰাকীৰ কৰুণ মৃত্যুৱে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বাল্য বিবাহ নিচিনা সামাজিক ব্যাধিয়ে পুনৰাই এগৰাকী নিষ্পাপ কিশোৰীৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনিব নোৱাৰে, তাৰ কাৰণে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন মহলে চৰকাৰক দাবী জনায়৷