সোণতলী, ২০ অক্টোবৰঃ দক্ষিণ কামৰূপৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত টপাৰপথাৰ ছিনিয়ৰ মাদ্ৰাছা চৌহদৰ এজোপা প্ৰকাণ্ড গছ কটাক কেন্দ্ৰ কৰি মাদ্ৰাছাখনত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে৷ প্ৰাপ্ত তথ্য মতে, ১৫ অক্টোবৰত বিদ্যালয় চৌহদত থকা এজোপা গছ কাটি মাদ্ৰাছাখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষই বিক্ৰী কৰাৰ সিদ্ধান্ত লয়৷ মাদ্ৰাছাৰ অধ্যক্ষই পৰিচালনা সমিতি তথা ছাত্ৰ একতা সভাক অৱগত নকৰাকৈ গছজোপা বিক্ৰি কৰাৰ সিদ্ধান্ত লোৱাত মাদ্ৰাছাৰ সকলো ছাত্ৰ ছাত্ৰী ক্ষোভিত হৈ পৰে। মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যক্ষৰ সিদ্ধান্তৰ বিৰুদ্ধে ১৬ অক্টোবৰৰ পৰা শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়নৰ লগতে ১৭ অক্টোবৰত ছাত্ৰ একতা সভাই ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে জোৰশিমুলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ জোৰশিমুলী আৰক্ষীয়ে ঘটনাৰ তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰি মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীয়ে ১৯ অক্টোবৰত আৰক্ষী চকী ঘেৰাও কৰাৰ উপৰি আজি গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰে। মাদ্ৰাছাৰ ছাত্ৰ একতা সভাই ছাত্ৰ ছাত্ৰীক প্ৰতিহত কৰাৰ কাৰণে অধীক্ষকে ভাড়াতীয়া গুণ্ডাক নিয়োগ কৰাৰো অভিযোগ তোলে৷