গুৱাহাটী, সংবাদ ৩৬৫, ১১ জুলাইঃ জুলাই মাহৰ শেষৰ ফালে মাজুলীত আভ্যন্তৰীণ জল পৰিবহন বিভাগে চলাব পাঁচখনকৈ নতুন জাহাজ। অসম চৰকাৰৰ পুঁজিৰ দ্বাৰা নিৰ্মান কাৰ্য চলি থকা জাহাজ কেইখন কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। পাঁচখন জাহাজৰ ভিতৰত দুখন জাহাজ গুৱাহাটীৰ পৰা মাজুলীলৈ নিয়া হ’ব। গুৱাহাটীত নিৰ্মান কাৰ্য সম্পূৰ্ণ হোৱা জাহাজ দুখনৰ ভিতৰৰ এখন জাহাজ অহা ১৭ জুলাইত গুৱাহাটীৰ পৰা মাজুলীলৈ নিয়া হ’ব। মাজুলীবাসী ৰাইজৰ সুবিধা অৰ্থে আভ্যন্তৰীণ জল পৰিবহন বিভাগে মাজুলীৰ কমলাবাৰীৰ পৰা নিমাটিঘাটলৈ এই নতুন পাঁচখন জাহাজ চলাব। চলিত মাহৰ শেষৰ সপ্তাহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মাজুলীৰ পৰা এই জাহাজ কেইখনৰ চলাচল ব্ৰহ্মপুত্ৰ নদীত শুভআৰম্ভণি কৰিব। উল্লেখ্য যে বৰ্তমান আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ দুখনকৈ জাহাজ মাজুলীবাসী ৰাইজৰ যাতায়তৰ বাবে কমলাবাৰী আৰু নিমাটিঘাটৰ মাজত চলাচল কৰি আছে।

ৰাজ্যৰ জল পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ বাবে আভ্যন্তৰীণ জল পৰিবহন বিভাগে কেইবাখনো নতুন আঁচনি হাতত লৈছে। এই আঁচনি সমূহৰ ভিতৰত কেইবাখনো নতুন জাহাজৰ নিৰ্মানৰ লগতে নৈৰ ঘাট সমূহৰ উন্নয়ন প্ৰধান। অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগতে বিশ্ব বেংকৰ সহযোগত ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহন ব্যৱস্থা বিশ্বমানৰ গঢ়ি তুলিবলৈ আভ্যন্তৰীণ জল পৰিবহন বিভাগে ইতিমধ্যে আঁচনি সমূহৰ প্ৰকল্প প্ৰস্তুতিৰ কাম আৰম্ভ কৰিছে। আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ প্ৰকল্প প্ৰস্তুতিৰ কামৰ বাবে বিশ্ব বেংকে ১৬ কোটি টকা মঞ্জুৰ কৰিছে আৰু প্ৰকল্পটো গৃহত হোৱাৰ পিছত এহাজাৰ কোটি টকাৰ কাম আৰম্ভ হ’ব। এই কামৰ অন্তৰ্গত ৰাজ্যৰ নদী সমূহৰ ঘাট নতুনকৈ নিৰ্মান কৰাৰ লগতে নতুন জাহাজ নিৰ্মান কৰা হ’ব। গুৱাহাটী, মাজুলী আৰু ধুবুৰী জিলাত জল পৰিবহনৰ অন্তৰ্গত উন্নয়ন মূলক কাম সমূহক অধিক গুৰুত্ব প্ৰদান কৰা হ’ব।