সোণতলী, ৭ ডিচেম্বৰঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ কলহীকাষ গাঁৱত বুধবাৰে নিশা পাৰিবাৰিক কন্দলক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হয়৷ এই সংঘাতত ফৈদ দুটাৰ একোজনকৈ লোক গুৰুতৰভাৱে আহত হয়। সংঘাত খৱৰ লাভ কৰি ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰী, জোৰশিমুলী আৰক্ষী চকীৰ বিষয়া লংকেশ্বৰ শৰ্মা আৰু অৰ্ধসামৰিক জোৱান ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে ৷ জানিবপৰা মতে, কলহীকাষ গাঁৱৰ শুকচান আলী আৰু লালমিঞাৰ পৰিয়ালৰ সৈতে দীৰ্ঘদিনৰে ধৰি পৰিয়ালকেন্দ্ৰীক সংঘাত চলি আছিল৷ বুধবাৰে নিশা সুযোগ বুজি শুকচান আলীৰ পৰিয়ালে চানমিঞাৰ পৰিয়ালক আক্ৰমন কৰাত প্ৰত্যাক্ৰমনত লাল মিঞা অাৰু শুকচান আলী গুৰুতৰভাৱে আহত হয়। পিচত আৰক্ষী বাহিনীৰ লোকে দুয়োকে গৰৈমাৰী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়৷