গোলাঘাট, সংবাদ ৩৬৫, ১৪ মাৰ্চ: বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত অসম নতুন নহয়। বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত খাদ্যৰ সন্ধাত বন্যপ্ৰাণী জনাঞ্চললৈ ওলাই অহাৰ ফলত মানুহৰ লগত সংঘাতৰ সৃষ্টি হয়। এইবাৰ বনাঞ্চলৰ পৰা ওলাই আহি চিকিৎসালয়ত আশ্ৰয় ললে নাহৰফুটুকীয়ে। গোলাঘাট জিলাৰ বোকাখাত নগৰৰ মাজমজিয়াত অৱস্থিত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ চৌহদত বুধবাৰে এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ প্ৰৱেশ কৰাত চিকিৎসালয়খনৰ চৌহদত তীব্ৰ আতংক সৃষ্টি হয়। চিকিৎসালয়খনৰ চৌহদত মীনামণি বৰা নামৰ এগৰাকী নাৰ্ছৰ বাসগৃহত থকা মুৰ্গীৰ গঁৰালৰ ভিতৰত আশ্ৰয় লৈ থকা নাহৰফুটুকী বাঘটোক প্ৰত্যক্ষ কৰি চিকিৎসালয়খনৰ কৰ্মীসকল আতংকিত হৈ চিকিৎসালয়খনৰ ভিতৰত প্ৰৱেশ কৰি দুৱাৰ খিৰিকী বন্ধ কৰি লয়। চিকিৎসালয়ত নাহৰফুটুকী বাঘ প্ৰৱেশ কৰাৰ খবৰ পাই বন বিভাগৰ এটা দল চিকিৎসালয়ত উপস্থিত হৈ নাহৰফুটুকী বাঘটোক ট্ৰেংকলাইজ কৰি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ পানবাৰীস্থিত বন্যপ্ৰাণী পুনঃসংস্থাপন কেন্দ্ৰলৈ লৈ যায়। স্থানীয় ৰাইজ আৰু বন বিভাগে সন্দেহ কৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা নাহৰফুটুকী বাঘটো ওলাই আহি চিকিৎসালয়খনত আশ্ৰয় লৈছিল।