ৰঙিয়া, ১৯ জুনঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা এগৰাকী ছাত্ৰীয়ে চিকিৎসাৰ অভাৱত জীৱন-মৃত্যুৰ যুঁজিব লগীয়া হৈছে । কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বালিসত্ৰৰ উৰ্মিলা বৈশ্য (১৫) নামৰ ছাত্ৰী গৰাকী বৃক্ক ৰোগত আক্ৰান্ত হোৱাত ছাত্ৰী গৰাকীৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিছে । বালিসত্ৰ নিবাসী যোগেশ্বৰ বৈশ্য আৰু গীতা বৈশ্যৰ দ্বিতীয় কন্যা উৰ্মিলাই বিগত চাৰি বছৰ ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছে । অতি দৰিদ্ৰ পৰিয়ালটোৱে ঘৰৰ মাটি, হালৰ গৰু বিক্ৰী কৰি চিকিৎসা কৰিছে যদিও বৰ্তমানলৈকে সুস্থ হৈ উঠা নাই উৰ্মিলা । সন্তানৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱা পৰিয়ালটো বৰ্তমান ধনৰ অভাৱত উন্নত চিকিৎসা কৰিবলৈ অপাৰগ । কোনো লোকে দৰিদ্ৰ-দুৰ্ভগীয়া ছাত্ৰী গৰাকীৰ  চিকিৎসাৰ বাবে সাহাৰ্য্য আগবঢ়াব বিচাৰিলে ৯৭০৬৯৬৬১৫৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটোৱে। ইচ্ছুক ব্যক্তিয়ে ৩২১১০০১৭০০১১৩৩৯০ নম্বৰৰ পাঞ্জাৱ নেচনেল বেংকৰ একাউন্টতো অনুদান আগবঢ়াব পাৰিব ।