চিৰাঙ, সংবাদ ৩৬৫, ১৫ ফেব্ৰুৱাৰীঃ  পৃথক বড়োলেণ্ড গঠনৰ দাবীত বৃহস্পতিবাৰে চিৰাঙ জিলাৰ কাশীকোত্ৰাৰ পৰা জিলা সদৰ কাজলগাঁৱলৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এক বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হয়। ৰাতিপুৱা ১০ বজাত এবছুৰ লগতে এনডিএফবি (পি), পিজেএছিফবিএমে প্ৰস্থাৱিত বড়োলেণ্ড অতি শীঘ্ৰে গঠন কৰা আৰু বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়ো সকলক ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ প্ৰদান কৰাৰ দাবীত কেন্দ্ৰীয় ভাৱে এই গণ সমদল আৰু গণ সমাৱেশ অনুষ্ঠিত কৰা হয়। এই গণ সমদল আৰু গণ সমাৱেশ প্ৰায় লক্ষাধিক লোকে অংশগ্ৰহন কৰা দেখিবলৈ পোৱা যায়। আবছুৰ সভাপতি প্ৰমোদ বড়ো এই গণ সমদল আৰু গণ সমাৱেশত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে নৱ শৰনীয়া কোন বড়োলেণ্ডৰ বিৰোধিতা কৰা? তেওঁ নিজে এটা সময়ত ভাৰতৰ পৰা স্বাধীনতা বিচাৰী আন্দোলন কৰিছিল আৰু আজি ভাৰতৰ সংবিধানৰ তলত আহি ৰাজনীতি কৰি সাংসদ হৈ চৰকাৰৰ দৰমহা খাইছে, ভাৰতৰ সংবিধানৰ বিষয়ে তেওঁৰ কিবা জ্ঞান আছে বুলি মই নাভাৱো, আমি সংবিধানৰ মতেহে বড়োলেণ্ড বিচাৰিছো। তেওঁ আৰু কয় যে চৰকাৰে এডভান্টেজ আসাম পতাৰ বাবে আমি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক শলাগিছো কিন্ত মাথো এডভান্টেজ আসাম কৰিলে নহব ৰাজ্যৰ ডিজ-এডভান্টেজ খিনি কি হব বুলি প্ৰশ্ন কৰে। তেওঁ কয় যে যত বড়ো মাধ্যমৰ পাঠ্যপুথি বিচাৰি হাহাকাৰ কৰিব লাগে, বিষয় শিক্ষক বিচাৰী হাহাকাৰ কৰিব লাগে তাত মাথো অৰ্থনৈতিক দিশত উন্নতি কৰিলে নহব লগতে আৰ্থ সামাজিক দিশৰো উন্নতি সাধন কৰিব লাগিব, গতিকে চৰকাৰে এই দিশত গুৰুত্ব প্ৰদান কৰি বড়ো জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে পৃথক ৰাজ্য গঠন কৰিবই লাগিব। বড় ৰাজ্য গঠন নোহোৱালৈ আমি আমাৰ প্ৰাপ্যৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিম বুলিও মন্তব্য প্ৰকাশ কৰে। আবছুৰ সাধাৰন সম্পাদক লৰেন্স ইচলাৰীয়ে কয় যে আমি দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছো আমাৰ প্ৰাপ্যৰ দাবীত। বড়োলেণ্ড আমাৰ জন্মগত অধিকাৰ আৰু আমাক বড়লেণ্ড লাগিবই। বড়লেণ্ড অবিহনে বড়ো জাতিটোৰ অস্থিত্ব বিলিন হৈ যাব। চৰকাৰে বাৰে বাৰে আমাৰ সৈতে আলোচনাৰ নামত কৰা প্ৰতাৰনাৰ প্ৰতিবাদত আমি ৰাজপথত ওলাবলৈ বাধ্য হৈছো। এই বৃহৎ গণ সমদল আৰু গণ সমাৱেশৰ জড়িয়তে আমি চৰকাৰক সকিয়াই দিব বিচাৰিছো যাতে চৰকাৰে গুৰুত্ব সহকাৰে আমাৰ সমস্যা সমাধানত আগবাঢ়ি আহে অন্যথা আমি ইয়াতকৈ ভয়াবহ আন্দোলন গঢ়ি তুলিম। এই কার্যসূচীত নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে পিপলচ জইন্ট এক্সন কমিটী ফোৰ বড়োলেণ্ড মুভমেন্ট, এনডিএফপি প্ৰগতিশীলৰ নেতা কৰ্মি উপস্থিত থকাৰ উপৰি ইউপিপি (এল) ৰাজনৈতিক দলৰ লোকসকলো উপস্থিত থাকে। প্ৰাক্তন সাংসদ উৰ্খাউ গৌৰা ব্ৰহ্ম, এনডিএফবি প্ৰগতিশীলৰ নেতা ধীৰেন বড়ো, বিটিচিৰ কেবাজনো এমচি আৰু এলএ উপস্থিত থাকে এই প্ৰতিবাদী কার্যসূচীত।