অজয় দাসৰ সহযোগত ইন্দ্ৰজিৎ দাস

সাম্প্ৰতিক সময়ৰ ভ্ৰাম্যমাণ জগতৰ সকলোৰে পৰিচিত এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হল চুমি দাস। সৰু কালৰে পৰা বিহু নাচিবলৈ ভাল পোৱা চুমি দাস অসমৰ বিভিন্ন মঞ্চত বিহু কন্যাৰ পৰা বিহু কুৱঁৰীলৈকে প্ৰত্যেকখন মঞ্চতে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সকলোৰে মাজত চুমিক এগৰাকী সু বিহু কুৱঁৰী হিচাপে পৰিচিত। অসমৰ সাংস্কৃতিক জগতখনত চুমিয়ে প্ৰথম খোজ বিহুৰ দ্বাৰাই আৰম্ভ কৰিছিল। বিদ্যালয় আৰু মহাবিদ্যালয়ত চুমিয়ে নাট মঞ্চস্থ কৰি সুঅভিনেত্ৰী পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল যদিও চুমিয়ে কেতিয়াও ভৱা নাছিলে যে তাই এগৰাকী অভিনেত্ৰী হব বুলি। চুমিয়ে ‘এনেছাৰ’ নাট্য গ্ৰুপত নাট প্ৰদৰ্শন কৰাৰ লগতে নাট্যকাৰ অজিত বৰঠাকুৰ, অৱতাৰ সিং, সেব্ৰাৱত বৰুৱাৰ নাটকটো মুখ্য চৰিত্ৰত অভিনয় কৰি অভিনয় জগতখনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। কলেজত পঢ়ি থকা সময়তে ভি.চি.ডি বিহু এলবাম “টেটোন তামুলীৰ বিহু” জৰিয়তে প্রথম কেমেৰাৰ সন্মুখত যোৱাৰ সুবিধা পাইছিল চুমিয়ে। ইয়াৰ পিছত ক্ৰমে “বিহু আমাৰ তিনিটি”, “টেটোন তামুলীৰ ভাওনা”, “চেনাই”কে ধৰি বহু কেইটা ভি.চি.ডিত অভিনয় কৰি নিজৰ অভিনয়ৰ দক্ষতা দাঙি ধৰিবলৈ সক্ষম হৈছিল চুমি দাস। ৰং চেনেলৰ ধাৰাবাহিক ‘পিতা পুত্ৰ’, ‘আচাম ফাইতচ বেক’, ‘শাহু-বোৱাৰী’, ‘মিছ জোনালী এল এল বি’, ৰেঙণি চেনেলৰ ধাৰাবাহিক’ চেন্টুদা’, ‘অপৰাজিতা’টো অভিনয় কৰিছিল চুমি দাস।

২০১০ চনত নগাঁৱৰ “সঞ্জীৱনী” থিয়েটাৰৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমাণ জগতখনত প্ৰৱেশ কৰে চুমি দাস।সঞ্জীৱনীৰ পিছত বীণাপাণি থিয়েটাৰত ১ বছৰ আৰু ৰাজশ্ৰী থিয়েটাৰত ১ বছৰ অভিনয় কৰে অভিনেত্ৰী চুমি দাস। নিজৰ অভিনয় দক্ষতাৰ বলত চুমি দাসে ৰাজশ্ৰী থিয়েটাৰত অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল। বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰৰ আগশাৰীৰ নাট্যদল থিয়েটাৰ সূৰ্য্যৰ মঞ্চত “দাদাগিৰি” নাটখনত যতীন বৰা আৰু মৃদুল বৰুৱাৰ লগত এগৰাকী অন্ধ যুৱতীৰ চৰিত্ৰত অভিনয় কৰি আছে চুমি দাসে। অন্ধ যুৱতীৰ চৰিত্ৰত কৰা অভিনয়ৰ জড়িয়তে চলিত বৰ্ষত দৰ্শকৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী গৰাকী। আগন্তুক ২০১৮-১৯ নাট্যবৰ্ষত এই গৰাকী প্ৰতিভাবান অভিনেত্ৰীক দৰ্শকে দেখা পাব বৰদৈচিলা থিয়েটাৰৰ মঞ্চত।