কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১৫ ফেব্ৰুৱাৰীঃ  ৰাজ্যত এতিয়া ইৰি ধানৰ বতৰ, প্ৰথাৰে প্ৰথাৰে কৃষক ব্যস্ত ইৰি ধানৰ কঠিয়া ৰূপনত। কিন্তু নিয়ন্ত্ৰণহীন মূল্য বৃদ্ধিৰ ফলত ইৰি ধানৰ খেতি কৰাৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে কৃষকসকল। বিশেষকৈ বৰপেটা জিলাৰ বৃহত্তৰ কলগাছিয়াৰ কৃষকসকল। বৃহত্তৰ কলগাছিয়া এলেকাত জলসিঞ্চনৰ কোনো ব্যৱস্থা নথকাৰ ফলত কৃষকসকলে বৰ্ধিত মূল্যত ডিজেল আৰু কলা বজাৰৰ পৰা কেৰাচিন তেল কিনি পাৱাৰ পাম্পেৰে পানী যোগান ধৰিব লগা হৈছে। ধানৰ বিধান, জৈৱিক সাৰ আৰু কৃষি কাৰ্যত ব্যৱহাৰ কৰা সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উঠিছে বৰপেটা জিলাৰ কলগাছিয়াৰ কৃষকসকল। দীৰ্ঘদিন ধৰি কলগাছিয়াত কৃষকসকলে জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দাবী জনাই আহিছে যদিও চৰকাৰী জলসিঞ্চন বিভাগৰ অৱহেলাৰ ফলত কৃষকসকল খেতি কৰাৰ ক্ষেত্ৰত এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হৈছে। প্ৰতি বছৰে কৃষকসকল উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নাপাই লোকচান ভৰিব লগীয়া হোৱাৰ ফলত কলগাছিয়াৰ কৃষকসকলৰ আৰ্থিক অৱস্থা অতি শোচনীয় হৈ পৰিছে। বিঘাই প্ৰতি দহ হাজাৰ টকা খৰচ কৰি ধান চপোৱাৰ পিছত মূল ধন ঘূৰাই নোপোৱাত কলগাছিয়াৰ কৃষকসকল কৃষিকাৰ্য্য এৰি অন্য কাম বিচাৰিব লগা পৰিবেশ আহি পৰিছে বুলি কৃষকসকলে ক্ষোভ প্ৰকাশ কৰে। ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাক কলগাছিয়াৰ কৃষকসকলে তেওঁলোকৰ সমস্যা সামাধানৰ আহ্বান জনায়।