দুধনৈ, সংবাদ ৩৬৫, ১৭ জুনঃ গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাত নিজৰ ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই এজন আৰক্ষী উপ-পৰিদৰ্শকে আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দুধনৈ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক উপেন্দ্ৰ নাথ তালুকদাৰে নিজৰ ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে। দেওবাৰে উপেন্দ্ৰ নাথ তালুকদা কৰ্তব্যত অনুপস্থিত থকাত থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৈলেন ৰয়ে উপেন্দ্ৰ নাথ তালুকদাৰক মাতিবলৈ গৈ বিছনাত তেজেৰে লটুৰি পুতুৰি অৱস্থাত তেওঁৰ মৃতদেহ প্ৰত্যক্ষ কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উপেন্দ্ৰ নাথ তালুকদাৰ ছাৰ্ভিচ পিষ্টলৰ লগতে দুটা খালী কাৰ্টিজ উদ্ধাৰ কৰে। আৰক্ষী বিষয়াজনৰ আত্মহত্যাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই যদিও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। নিহত উপেন্দ্ৰ নাথ তালুকদাৰৰ ঘৰ পাঠশালাত বুলি জানিব পৰা গৈছে।