ৰজাঘৰীয়া কৃপাদৃষ্টিৰ পৰা বঞ্চিত নলবাৰীৰ জাপিশিল্প

কৈলাস ডেকা নলবাৰী,১১ এপ্ৰিলঃ প্ৰকৃতিৰ বুকুত এতিয়া বসন্ত ঋতুৰ আগমন৷ চ’তৰ শেষত আকৌ পালেহি অসমীয়াৰ প্ৰাণৰ ব’হাগ৷ গছে-বনে এতিয়া কুলিৰ শুৱলা মাত৷ নাচনিৰ খোপাত গুজি দিবলৈ কপৌ ফুলো ফুলিল৷ আম-জামো ফলিয়ালে৷ এতিয়া প্ৰকৃতিৰ লগতে চৌদিশে ব’হাগ অহাৰ বতৰা৷ সেউজ প্ৰকৃতিৰ মাজত এতিয়া চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি৷ নাচনিও ঢোলৰ চেওত নাচিবলৈ সাজু৷ জাপিক সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়৷ ৰঙালী বিহুৰ সময়ত বিশেষ সমাদৰ পায় নলবাৰীৰ ফুলাম জাপি আৰু এই সমাদৃত ফুলাম জাপি তৈয়াৰ কৰাত ব্যস্ত নলবাৰীবাসী৷ জিলাখনৰ তিলানা, মুগকুচি, জাপাৰকুছি, দিঘেণী, সুতাৰকুচি গাঁৱত সৰ্বাধিক জাপি তৈয়াৰ কৰা হয়৷ ৰঙালী বিহুৰ প্ৰাকক্ষণত  এই পাঁচখন গাঁৱৰ পুৰুষ-মহিলাই দিনে-নিশাই ফুলাম জাপি বনোৱাত ব্যস্ত৷ ৰঙালী বিহুৰ প্ৰাকমূহূৰ্তত এই পাঁচখনকৈ গাঁৱৰ প্ৰায় ১৫০ টা পৰিয়ালে তৈয়াৰ কৰিছে দহ হাজাৰতকৈও অধিক ফুলাম জাপি৷ এই জাপিসমূহ নলবাৰী লগতে গুৱাহাটীৰ উপৰি অসমৰ বিভিন্ন জিলালৈ ৰপ্তানি কৰা হয়৷ উল্লেখ্য যে, অসমীয়া জাতীয় জীৱনত জাপিৰ সুকীয়া বৈশিষ্ট্য আছে৷ নলবাৰীৰ এই গাঁও কেইখনৰ লোকসকলে কেইবা দশক ধৰি বংশানুক্ৰমে জাপি বনোৱা শিল্পৰ লগত জড়িত হৈ আছে৷ বাঁহ, টকৌপাত, সুতা, কাপোৰ, চুমকি আদিৰে বিভিন্ন ডিজাইনৰ ফুলাম জাপিৰ লগতে কৃষকৰ বাবে হালোৱা জাপিও তৈয়াৰ কৰে নলবাৰীৰ এই শিল্পীসকলে৷ যুগ যুগ ধৰি অসমীয়া জাতীয় জীৱনৰ ঐতিহ্য জাপিশিল্পৰ লগত জড়িত হৈ থকাৰ পিছটো এই শিল্পীসকল বঞ্চিত হৈ আছে ৰজাঘৰীয়া কৃপাদৃষ্টিৰ পৰা৷ আৰ্থিক দৈন্যতাৰ কাৰণে শিল্পীসকলৰ উত্তৰসূৰীয়ে অনিশ্চা সত্বেও আন জীৱিকা বিচাৰিবলৈ বাধ্য হৈছে৷ প্ৰশাসনৰ তৰফৰ পৰা সোনকালে এই শিল্পীসকলক সাহায্য নিদিলে অসমীয়া জাতীয় জীৱনৰ ঐতিহ্য লগত জড়িত এটা শিল্প মৃত্যু হোৱাটো ধুৰুপ৷