গুৱাহাটী : নুনমাটিত হিন্দী গীত গোৱাক লৈ জুবিন গাৰ্গ আৰু নুনমাটি বিহু কমিটীৰ মাজত হোৱা বিতৰ্ক সমগ্ৰ অসমত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সংবাদ মাধ্যম, ফেচবুক, হোৱাটচএপ সকলোতে জুবিন আৰু হিন্দী গীত। কিছুমানৰ মতে বিহু মঞ্চত হিন্দী গীত নচলিব আকৌ কিছুমানে হিন্দী গীত গোৱাত কোনো অসুবিধা নাই বুলি মন্তব্য কৰি আছে। এনে বিতৰ্কৰ মাজত জুবিনৰ স্থিতিত ‘মই মোৰ হিন্দী গান গাম’ আৰু জুবিন সকলো বিহু মঞ্চত হিন্দী গান গাই আছে। এফালে জুবিন হিন্দী গান গাই আছে আৰু আনফালে ফেচবুকত বিৰোধী আৰু সমৰ্থকৰ চলি আছে ব্যাপক বাকযুদ্ধ। ফেচবুকৰ যুদ্ধ এইবাৰ পালে বন্ধুকলৈ। “জুবিনক ৯ এমএম গুলীৰে ১০ মিটাৰৰ পৰা মাৰিম আজি…” এনেকৈ ফেচবুকত নিজৰ মন্তব্য আগবঢ়ালে এজন হিন্দী গানৰ বিৰোধীয়ে। কাই খাপলাং (তুলতুল বাগলাৰী) নামৰ ডিব্ৰুগড়ৰ এজন যুৱকে এইদৰে লেখিলে ফেচবুকত। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰত জুবিনৰ বিহু অনুষ্ঠান থকাৰ দিনাই এজন যুৱকৰ এনে কাৰ্যই ডিব্ৰুগড়কে ধৰি সমগ্ৰ অসমত চাঞ্চল্যৰ সৃষ্টি কৰিছে।