নগাঁবৰ পৰা পিংকি শইকীয়া, সংবাদ ৩৬৫, ২২ এপ্ৰিলঃ অপৰাধীৰ ৰম্যভূমিত পৰিনত হৈছে নগাওঁ জিলাৰ জুৰীয়া অঞ্চল। সঘনাই ইটোৰ পিছত সিটো হত্যাকাণ্ডৰ লগতে বিভিন্ন অপৰাধমুলক কাৰ্যকলাপ সংঘটিত হৈ থকাৰ বাবে অপৰাধীৰ ৰম্যভূমিত পৰিনত হৈছে অঞ্চলটো। দেওবাৰে দিনৰ ১১ মান বজাত দুধৰ্ষ ডকাইত জোনাৱ অালী ওৰফে জনো অাৰু মহম্মদ অালী বাইকেৰে নাগাবান্ধালৈ গৈ থকা অৱস্থাত এখন ইণ্ডিকা গাড়ীত অহা ৬-৭ জনীয়া অান এক ডকাইতৰ দলে অাগভেটি ধৰে বাইকখনক। বাইকৰ সন্মুখত ইণ্ডিকা গাড়ী আহি আগভেটি ধৰাত জোনাৱ অালী অাৰু মহম্মদ অালী পথৰ ওপৰত বাইক পেলাই পলাবলৈ চেষ্টা কৰোতে ইণ্ডিকাত অহা ডকাইতৰ দলটোৱে জোনাৱ আলী আৰু মহম্মদ অালীৰ ওপৰত গুলীচালনা কৰাত জোনাৱ আলী আৰু মহম্মদ অালীক গুলী লগাত দুয়োজন লোক পথৰ ওপৰত পৰি যোৱাত ডকাইতৰ দলটোৱে অাহত জোনাৱ অালীক তৰোৱালেৰে ঘপিয়াই হত্যা কৰে। অানহাতে মহম্মদ অালীক স্থানীয় লোকে উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰন কৰে। ঘটনাৰ খবৰ পাই জুৰীয়া অাৰক্ষীৰ লগতে নগাঁৱৰ উচ্চ পদস্থ অাৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অাৰম্ভ কৰিছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ১২ টা ৯ এমএম পিষ্টলৰ খালি কাৰ্টিজ উদ্ধাৰ কৰে। ঘটনা সংঘটিত কৰি ডকাইতৰ দলটোৱে ইণ্ডিকা গাড়ীৰে তীব্ৰ বেগত পলায়ন কৰে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। উল্লেখ্য যে, দুয়োটা ডকাইতৰ দলৰ ঘৰ জুৰীয়াৰ বালিজান কেন্ধাগুৰি গাঁৱত আৰু দীৰ্ঘদিন ধৰি এই ডকাইতৰ দল দুটাৰ মাজত সংঘাত চলি আছিল।