গুৱাহাটী, ১৯ এপ্ৰিলঃ এড, ডিএড-ৰ অবিহনে নিযুক্তি পাব টেট উত্তীৰ্ণই৷এই ঘোষণা শিক্ষা তথা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ শৰ্মাৰ৷ আজি এক সংবাদমেলত ড০  হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ নতুন আঁচনিক লৈ সৰৱ হৈ পৰে৷ তেওঁ শিক্ষা বিভাগৰ নিযুক্তি সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নতুন অধিসূচনা সম্পৰ্কে সদৰি কৰে৷ সেই অনুসৰি  ৰাজ্যত ২০১৮ ৰ ৮ ছেপ্টেম্বৰলৈ বিএড, ডিএড অবিহনে টেট শিক্ষক নিযুক্তি দিয়া হ’ব৷ কেন্দ্ৰীয় চৰকাৰৰ এই অধিসূচনাৰ পিছতেই ৰাজ্য চৰকাৰে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ ইতিমধ্যে ৰাজ্যৰ ১৯,৭০৯ গৰাকী টেট উৰ্ত্তীণৰ ৬,০২৭ জন শিক্ষক নিযুক্তিৰ বাবে চৰকাৰে বিজ্ঞাপন দিছে৷ ইয়াৰোপৰি ৰাজ্যৰ  ৪,০০০ বিদ্যালয়ত এজনকৈ শিক্ষকে শিক্ষাদান কৰি আছে৷ এই বিদ্যালয়সমূহত চৰকাৰে শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব৷ আনহাতে মাজুলীৰ ঘটনাৰ সন্দৰ্ভত ড০ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মৃতদেহ নিবলৈ স্বাস্থ্য বিভাগৰ সুকীয়া বাহন নাই৷ মৃতদেহ অনাৰ দায়িত্ব স্বাস্থ্য বিভাগৰ নহয়৷ ১০৪, ১০৮ ৰ সেৱা মৃতদেহ কঢ়িওৱা নহয়৷ সংবাদমেলত  স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই স্মাৰ্ট চিটীৰ কাম পিছ পৰি থকা কথাৰ সত্যতা স্বীকাৰ কৰি বিগত চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে৷