কাৰ্বি আংলঙ, সংবাদ ৩৬৫, ১৩ জুনঃ কাৰ্বি আংলঙ জিলাৰ ডকমকা কাণ্ডৰ মূল অভিযুক্ত আলফাজছ তিমুং ওৰফে আলফা’ক কাৰ্বি আংলঙ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ডকমকাত দুই যুৱকৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত থকা আলফা’ক আটক কৰিবলৈ কাৰ্বি আংলঙ আৰক্ষীয়ে যোৱা চাৰিদিন ধৰি অভিযান চলাই আছিল আৰু অৱশেষত মঙলবাৰে নিশা এক গোপন সুত্ৰৰ পম খেদি আলফা’ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ডকমকা কাণ্ডৰ মূল পৰিকল্পনাকাৰী আছিল আলফা। আলফা’ই ফোন যুগে সোপাধৰাৰ উৰাবাতৰি বিয়পোৱাৰ ফলত ডকমকাৰ নাৰকীয় কাণ্ড সংঘটিত হৈছিল। আলফাজছ তিমুং ওৰফে আলফা পূৰ্বেও সংঘটিত হোৱা ডেনগাঁৱৰ মিঠু দাস নামৰ এজন লোকৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে। অসমকে ধৰে বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা গুৱাহাটী দুই যুৱক অভিজিত নাথ আৰু নিলোৎপল দাসৰ নৃশংস হত্যাকাণ্ডৰ লগত জড়িত থকা কেইবাজনো লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।