গুৱাহাটী, ২০ এপ্ৰিলঃ ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয় আৰু আহমদাবাদৰ নেছনেল ইষ্টিটিউট অৱ ডিজাইন চমুকৈ নীডৰ উদ্যোগত আজিৰে পৰা খানাপাৰাস্থিত শিপিনী সেৱা কেন্দ্ৰত দুদিনীয়া কাৰ্যসূচীৰে এখনি ডিজাইন কৰ্মশালাৰ আয়োজন কৰা হৈছে৷ আহমদাবাদৰ পৰা অহা নীডৰ দলটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা আহি কৰ্মশালাত যোগদান কৰা হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ শিপিনী আৰু কলা-কুশলীসকলক সামগ্ৰী উৎপাদনৰ গুণগত দিশৰ প্ৰয়োজনীয়তা আৰু উৎপাদনৰ পৰা অধিক লাভৰ প্ৰয়োজনীয় দিশৰ ওপৰত প্ৰশিক্ষণ দিব৷ উল্লেখ্য যে, ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয় আৰু আহমদাবাদৰ নেছনেল ইষ্টিটিউট অৱ ডিজাইন চমুকৈ নীডৰ মাজত সম্পাদিত চুক্তি মৰ্মে এই প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হয়৷ প্ৰশিক্ষণ শিবিৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৩৫ গৰাকী  শিপিনী আৰু ৩০ গৰাকী থলুৱা ডিজাইনাৰে যোগদান কৰে৷ কৰ্মশালাৰ লগত সংগতি ৰাখি এখনি প্ৰদৰ্শনীৰো আয়োজন কৰা হয়৷ লগতে  ভাৰত চৰকাৰৰ অধীনস্থ Handloom Export Promotion Council (HEPC) আৰু Export Promotion Council for Handicraft (EPCH) ৰ মাধ্যমেৰে দহগৰাকী Exporter  এ ক্ৰেতা-বিক্ৰেতা নামৰ সভাত অংশগ্ৰহণকাৰী শিপিনী তথা হস্তশিল্পীৰ লগত বাৰ্তালাপ কৰে৷ এই উদ্ধোধনী সভাত বিশেষ অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে হস্ততাঁত বস্তশিল্পৰ সঞ্চালক পদ্মনাভ দাস, ৰেচম আৰু বয়নশিল্পৰ সঞ্চালক সুৰজিৎ বুৰছু, হস্তশিল্পৰ ক্ষেত্ৰীয় সঞ্চালক এন পালায়, এন এইচ ডি চিৰ মুখ্য প্ৰৱন্ধক আৰ পাটিল, নেছনেল ইষ্টিটিউট অৱ ডিজাইনৰ চাইমুল মেহতা ব্যাস উপৰি কেইবাজনো বিশিষ্ট ব্যক্তি৷