গুৱাহাটী, সংবাদ ৩৬৫, ৩১ মেঃ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ সৌন্দর্য প্রতিযােগিতাৰ আয়ােজক মেগা এন্টাৰটেইনমেন্টে ঘােষণা কৰিছে ১৬ সংখ্যক সংস্কৰণ ছানছিল্ক মেগা মিছ নর্থ ইষ্ট আৰু নৱম সংস্কৰণ গার্নিয়াৰ মেন মেগা মিষ্টাৰ নর্থ ইষ্টৰ অডিচনৰ তাৰিখ। এই অডিচনৰ মাধ্যমেৰে সৌন্দর্য প্রতিযােগিতাৰ আয়ােজকসকলে উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ পৰা ৫০গৰাকী মহিলা আৰু ৫০গৰাকী পুৰুষ নির্বাচন কৰিব, যিসকলে ছানছিল্ক মেগা মিছ নর্থ ইষ্ট ২০১৮ আৰু গার্নিয়াৰ মেন মেগা মিষ্টাৰ নর্থ ইষ্ট ২০১৮ৰ খিতাপ লাভৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব।

এই সৌন্দর্য প্রতিযােগিতাৰ প্ৰথম অডিচন ১ জুনত অনুষ্ঠিত হ’ব ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত। ইয়াৰ পিছত মেগা এণ্টাৰটেইনমেণ্টৰ দলে অডিচন অনুষ্ঠিত কৰিব ৩ জুনত কোকৰাঝাৰত, ৪ জুনত আগৰতলাত, ৬ জুনত ইটানগৰত, ৮ জুনত শ্বিলঙত আৰু ১০ জুনত গুৱাহাটীত।

দুয়ােটা সৌন্দর্য প্রতিযােগিতা ফেশ্বন উদ্যোগী অভিজিত সিনহাৰ মানসপুত্ৰ আৰু ইয়াৰ প্রযােজনা কৰিছে মেগা এণ্টাৰটেইনমেন্টে। এই শ্ব’ৰ আকৰ্ষণ হ’ব উত্তৰ পূৰৰ আঠখন ৰাজ্যৰ আটাইতকৈ ধুনীয়া মহিলাসকল আৰু আটাইতকৈ আকাংক্ষিত পুৰুষসকল, যিসকলে গ্ৰেণ্ড ফিনালেৰ বাবে গুৱাহাটীলৈ আহিব। এই সৌন্দর্য প্রতিযােগিতাৰ গ্রুমিং ছিজনত থাকিব এক কঠিন প্রি-জাজিং ছিজন। পুৰুষ প্রতিযােগীসকলক পৰীক্ষা কৰা হ’ব তেওঁলােকৰ বুদ্ধিমত্তা, ফিটনেছ, ব্যক্তিত্ব আৰু আত্মবিশ্বাসৰ ভিত্তিত। মেগা মিষ্টাৰ নর্থ ইষ্টৰ খিতাপ অধিকাৰ কৰা সুমন নিংথৌজামে তেওঁৰ উত্তৰসুৰীক ২৯ জুন, ২০১৮ আইটিএ সাংস্কৃতিক প্রকল্প অনুষ্ঠিতব্য গার্নিয়াৰ মেগা মিষ্টাৰ নর্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে অভিনন্দন জ্ঞাপন কৰিব। মহিলা প্রতিযােগীসকলৰ বিচাৰ কৰা হ’ব তেওঁলােকৰ আত্মবিশ্বাস, কেজি, বুদ্ধিমত্তা আৰু সৌন্দর্যৰ আধাৰত। ২০১৭ চনৰ মেগা মিছ নর্থ ইষ্টৰ বিজয়ী মেৰী খাইৰিয়েমে ৩০ জুন, ২০১৮ আইটিএ সাংস্কৃতিক প্রকল্প অনুষ্ঠিতব্য ছানছিল্প মেগা মিছ নর্থ ইষ্টৰ গ্ৰেণ্ড ফিনালেত মুকুট পিন্ধাৰ তেওঁৰ উত্তৰসূৰীক।

এই বছৰ মেগা এন্টাৰটেইনমেন্টে সমাজৰ প্ৰতি এক দায়বদ্ধ সংস্থা হিচাপে বায়’ডাইভাৰ্ছিটী, ফৰ পোষ্টাৰিটী এণ্ড প্ৰছপাৰিটী শীর্ষক মুখ্য বিষয়েৰে উল্লেখনীয় জৈৱ বৈচিত্র্য সম্পর্কে সামাজিক সজাগতা সৃষ্টি কৰিবলৈ আছাম ষ্টেট বায়’ডাইভাৰ্ছিটী ব’র্ড, চমুকৈ এএছবিৰিৰ সৈতে সংযুক্ত হৈছে। এই উদ্যোগৰ অংশ হিচাপে সংস্থাটোৱে জৈৱ বৈচিত্র্যপূর্ণ স্থানত সজাগতা অভিযান আয়ােজিত কৰিব আৰু কিয় এইবােৰ সংৰক্ষণ কৰিব লাগে সেই সম্পর্কে সাধাৰণ জনতাক শিক্ষা প্রদান কৰা হ’ব। অঞ্চলটোৰ জৈৱ বৈচিত্র্য সংৰক্ষণ কৰাটো সম্প্রতি সময়ৰ আহ্বান হৈ পৰিছে। অন্যথা ত্বৰিত ঔদ্যোগিকৰণ আৰু ইয়াৰ পৰিণতিয়ে জৈৱ বৈচিত্র্য ধ্বংস কৰি পৃথিৱীখনক ভৱিষ্যত প্রজন্মৰ বাবে বাসৰ অনুপযােগী কৰি তুলিবা। এতিয়া সময় আমাৰ প্ৰাণী আৰু উদ্ভিদসমূহ ৰক্ষা কৰাৰ বাবে একেলগে কাম কৰাৰ, যাতে আমি এক স্বাস্থ্যকৰ আৰু সমৃদ্ধিময় জীৱন ভৱিষ্যত প্রজন্মৰ বাবে দি যাব পাৰোঁ।

মেগা এন্টাৰটেইনমেন্টৰৰ প্ৰতিষ্ঠাপক অভিজিত সিনহাই কয়, “বিগত ১৫ বছৰে মেগা মিছ নর্থ ইষ্টে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এক শক্তিশালী স্থিতি প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু আজি ই হৈছে অঞ্চলটোৰ আটাইতকৈ আকাংক্ষিত সৌন্দর্য প্রতিযােগিতা। সেইবাবেই আমি অডিচনবােৰত দেখিবলৈ পাইছোঁ প্রতিভাৰ চকুত পৰা পৰিৱৰ্তন। পূর্বৰ বছৰসমূহৰ তুলনাত যুৱতীসকল বহুত বেছি আত্মবিশ্বাসী আৰু প্রস্তুত। তেওঁলােকে ছাল, চুলিৰ লগতে সামগ্রিকভাৱে নিজকে সঠিক ৰাখিবলৈ অধিক যত্নপৰ হোৱাৰ দেখা গৈছে।”

“একেদৰে, মেগা মিষ্টাৰ নর্থ ইষ্টৰ প্রতিযােগীসকলেও এই সৌন্দর্য প্রতিযোগিতাৰ বাবে কেইবামাহহো আগৰ পৰা ফিটনেছ ট্রেইনিং আৰম্ভ কৰে, তেওঁলােকে নিজক লৈ যথেষ্ট পৰিমাণে আত্মবিশ্বাসী। এতিয়া আমি এই সৌন্দর্য প্রতিযোগিতাৰ এটা দশক সম্পূর্ণ কৰিবলৈ আগবঢ়াৰ লগে লগে এই প্রতিযোগিতাত দেখা গৈছে অধিক ছাৰপ্রাইজ, উন্নত সুবিধা আৰু ফেশ্বন আৰু গ্লেমাৰ উদ্যোগৰ বহুতাে ডাঙৰ ডাঙৰ নাম সংযুক্ত হৈ আহিছে। মই অত্যন্ত আশাবাদী যে, এই বছৰৰ অডিচনে সমগ্র ঞ্চলটোৰ পৰা লৈ আহিব প্রতিভাশাৰী আৰু আত্মবিশ্বাসী প্রতিযোগীৰ এটা গোট, সিনহাৰ সংযােজন।

মেগা মিছ নর্থ ইষ্টৰ টাইটেল স্পনছ’ৰ হিচাপে ভাৰতৰ প্রিমিয়াৰ হেয়াৰ কেয়াৰ ব্ৰেণ্ড ছানছিল্কে উদযাপন কৰিছে মুক্ত-মনৰ, আনন্দময় আৰু আত্মবিশ্বাসী যুৱতীসকলৰ সৈতে৷ যি উৎসাহ ছানছিল্ক গার্লে প্রদান কৰে, সেয়া মেগা মিছ নর্থ ইষ্টৰ সৈতে সংযুক্ত হােৱাৰ বাহিৰে আন একো হ’ব নােৱাৰে, যত বিভিন্ন স্থানৰ পৰা অহা যুৱতীসকলে লিখে তেওঁলােকৰ নিজৰেই কাহিনী, তেওঁলােকৰ ঘন আৰু দীঘল চুলিত বিভিন্ন হেয়াৰ ষ্টাইলেৰে।

ভাৰতৰ আগশাৰীৰ পুৰুষৰ ফেচ বাশ্ব গার্নিয়াৰ মেনে মেগা মিষ্টাৰ নর্থ ইষ্টৰ সৈতে সংযুক্ত হৈছে এই ছিজনৰ টাইটেল
স্পনছ’ৰ হিচাপে। এই সৌন্দর্য প্রতিযােগীতাত বিজয়ীজনে গার্নিয়াৰ মেনৰপৰা লাভ কৰিব গােটেই বছৰটোৰ বাবে গ্রুমিং প্রডাক্ট, যিয়ে সকলােবােৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পৰাকৈ তেওঁক শক্তিশালী আৰু সতেজ কৰি ৰাখিব। পুৰুষ প্রতিযােগীসকলে এক্স ছিগনেছাৰ ব্ৰইল্ড কার্ড কষ্টেষ্টৰ মাধ্যমেৰে পােনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সুবিধা লাভ কৰিব। সকলাে প্রতিযােগীয়ে কৰিবলগীয়া কামটো হৈছে, তেওঁলােকে এক্স ছিগনেছাৰৰ আগত প্ৰকাশ কৰিব লাগিব তেওঁলােকে নিজৰ নিয়ম কেনেকৈ প্রস্তুত কৰে, যিয়ে তেওঁলােকক অদ্বিতীয় কৰি ৰাখে। সর্বোত্তম উত্তৰ দিয়া প্রতিযােগীগৰাকীয়ে পােনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিব।
ছানছিল্ক মেগা মিছ নর্থ ইষ্ট ২০১৮ বিজয়ী প্রতিযােগী গৰাকীয়ে লাভ কৰিব প্রায় ৭ লাখ টকাৰ প্রাইজ পেকেজ, য’ত থাকিব বিজয়ীৰ মুকুট আৰু ছানছি মেগা মিছ নর্থ ইষ্ট ২০১৮ৰ ছেছ, ১ লাখ টকাৰ নগদ পুৰস্কাৰ, ছানছিল্কৰ প্ৰিণ্ট আৰু আউটড’ৰ কেম্পেইনৰ মুখ হােৱাৰ সুযােগ।

গার্নিয়াৰ মেন মেগা মিষ্টাৰ নর্থ ইষ্ট ২০১৮ৰ বিজয়ী প্রতিযােগীজনে লাভ কৰিব প্রায় ৫,০০,০০০ টকাৰ প্রাইজ পেকেজ। য’ত থাকি অনুষ্ঠানটোৰ ছেছ আৰু গার্নিয়াৰ মেন মেগা মিষ্টাৰ নর্থ ইষ্ট ২০১৮ৰ ট্ৰফী আৰু ১ লাখ টকাৰ নগদ পুৰস্কাৰ।
দুয়ােটা সৌন্দর্য প্রতিযােগিতাৰ ক্ষেত্ৰত প্রাইজ পেকেজৰ সৈতে থাকিব চ্চিজেল দীঘলীপুখুৰীত এবছৰৰ বাবে ফিটনেছ কাউন্সেলিং আৰু সদস্যপদ, ৰং দে বসন্তী আৰবান ধাবাৰ পৰা গিফট হেম্পাৰ, আগশাৰীৰ ফেশ্বন ফটেগ্রাফাৰ ৰাহুল বিশ্বাসৰ দ্বাৰা প’র্টফলিঅ’ শুট, বিজয়ী বছৰটোৰ বাবে লাইফ পার্পলৰপৰা পাবলিক ৰিলেচন আৰু ৰেপুটেশ্যন মেনেজমেন্ট আৰু ৱান এণ্ড জিৰৰপৰা ডিজিটেল চেলিব্রেটী মেনেজমেন্ট- যি হৈছে এক মার্কেট ট্রেণ্ড।

দুয়ােটা সৌন্দর্য প্রতিযােগিতাৰ প্রাইজ পেকেট সম্পর্কে উল্লেখ কৰি, অভিজিত সিনহাই সংযােজন কৰে যে, “মেগা এন্টাৰটেইনমেন্ট উদ্দেশ্য হৈছে আমাৰ বিজয়ীসকলক এক আন্তর্জাতিক মঞ্চ প্ৰদান কৰা, যাতে তেওঁলোকৰ সপােনে ডেউকা মেলি টৰিব পাৰে। দুয়ােটা সৌন্দর্য প্রতিযােগিতার বিজয়ীসকলক সম্পূৰ্ণৰূপে উদ্যোগৰ বাবে সাজু কৰিবলৈ প্রম আৰু ষ্টাইল কৰিব ফেশ্বন, মিডিয়া আৰু ডিজিটেল পৃথিৱীৰ পেছাদাৰীসকলে। বিজয়ীসকলে লাভ কৰিব পেছাদাৰী প্রতিনিধিত্ব আৰু মেগা এন্টাৰটেইমেণ্টৰদ্বাৰা ব্যক্তিগত ৱাৰড্র’ব ষ্টাইলিং, যিয়ে তেওঁলােকক পথ প্রদর্শন কৰিব পেছাদাৰী পৃথিৱীত নিজকে আগুৱাই নিবলৈ। ইয়াৰ উপৰি পুৰুষ আৰু মহিলা উভয় শাখাৰপৰা শীর্ষ তিনিগৰাকীকৈ বিজেতাই অঞ্চলটোৰ বিভিন্ন প্রতিষ্ঠিত ফেশ্বন ইভেণ্টৰ ৰেম্পত খােজকঢ়াৰ সুবিধা লাভ কৰিব। সমান্তৰালভাৱে তেওঁলােকে পৃষ্ঠপােষক আৰু দাতব্য অংশীদাৰীক প্রতিনিধিত্ব কৰি ভ্ৰমণ কৰাৰাে সুযােগ পাব।