ওদালগুৰি, সংবাদ ৩৬৫, ১৭ মেঃ ওদালগুৰি জিলাৰ ১নং উত্তৰ ডিমাকুছি গাঁৱত পানী যোগান আঁচনিৰ কোনো সুব্যৱস্থা নথকাৰ বাবে এটুপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজ। বিশুদ্ধ খোৱা পানীৰ বাবে গাঁওখনত থকা ১ নং উত্তৰ ডিমাকুছি পূৰ্ণাপানী প্ৰাথমিক বিদ্যালয় চৌহদত থকা দমকলত প্ৰতিদিনে শাৰী পাতিব লাগে গাঁওখন ৰাইজে। চৰকাৰৰ পানী যোগান আঁচনিয়ে ঢুকি নোপোৱা গাঁওখনত ৰাইজে চৰকাৰক কেইবাবাৰো বিশুদ্ধ পানী যোগানৰ বাবে আবেদন নিবেদন জনাই আহিছে যদিও চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। গাঁওখনৰ বেছি সংখ্যক অঞ্চলত মাটিৰ তলত শিল থকাৰ বাবে ৰাইজে সঠিকভাৱে দমকল ব্যৱস্থা কৰিব নুৱচৰাৰ ফলত ৰাইজ এইদৰে শাৰী পাতি খোৱাপানী সংগ্ৰহ কৰিব লগা হয়। ৰাইজৰ এনে দুখ দুৰ্দশাৰ পিছতো পৰিৱৰ্তনৰ শ্ল’গান দি থকা চৰকাৰ গঠন কৰা বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰৰ দিনত ১নং উত্তৰ ডিমাকুছি গাঁৱৰ ৰাইজৰ কিমান পৰিৱৰ্তন হৈছে সেয়া গাঁওখনত এটুপাল বিশুদ্ধ খোৱাপানীৰ বাবে দৈনিক শাৰী পতা গঞা ৰাইজৰ অৱস্থাৰ পৰা প্ৰতিপন্ন হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াত এটুপাল বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজে হাহাকাৰ কৰিবলৈ লগীয়া হৈছে। বছৰৰ পিছত বছৰ ধৰি জনপ্ৰতিনিধিয়ে গাঁওবাসীক দি অহা আশ্বাসক ধিক্কাৰ জনাই ৰাইজে চৰকাৰক আহ্বান জনাইছে অতি শীঘ্ৰে গাঁওখনত পানী যোগান আঁচনিৰ সুব্যৱস্থা কৰক৷