গুৱাহাটী, সংবাদ ৩৬৫, ২৯ জুনঃ সমগ্ৰ বিশ্ব ফুটবল উন্মাদনাত বুৰ যোৱাৰ মাজতে অহা ৭ আৰু ৮ জুলাইত গুৱাহাটীৰ আজাৰাত অনুষ্ঠিত হ’ব ‘ডেকাথল্‌ন কিপষ্টা কাপ’ ফুটবল টূৰ্ণামেন্ট৷ ফুটবলক অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে আৰু খেলুৱৈসকলক ফুটবলৰ এই চমু কিন্তু আকৰ্ষণীয় ফৰমেটত প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ দিবলৈ ‘ডেকাথল্‌ন’ চৌহদত ‘স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেন্ট’ৰ সহযোগ আৰু ‘এয়াৰটেল টিভি’ৰ পৃষ্ঠপোষকতাত হ’ব লগা এই ফাইভ এ ছাইড ফুটবল প্ৰতিযোগিতাত মুঠ ৩০০০০ টকা মূল্যৰ পুৰস্কাৰ থাকিব৷ প্ৰতিটো দলত কমেও ৭ গৰাকী খেলুৱৈ থাকিব লাগিব৷ গুৱাহাটী চিটী এফ চি (জিচিএফচি)ৰ লগতে ইগুৱা পেকেজ্‌ড ৱাটাৰ আৰু দ্য নিউজমিলেও সহযোগ আগবঢ়োৱা এই প্ৰতিযোগিতাত যোগদানৰ বাবে আগ্ৰহী দলসমূহে ৯৭০৬০৫১২২৭ অথবা ৭০০২৮৬৫৮৬৬ নম্বৰত যোগাযোগ কৰিব পাৰে বা ডেকাথল্‌ন, স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেন্ট আৰু জিচিএফচৰ ফেচবুক-টুইটাৰ-ইনষ্টাগ্ৰাম একাউন্ট চাব পাৰে।