বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ২০এপ্ৰিলঃ যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীযে় স্বচ্চ ভাৰত মিচনৰ জড়িয়তে দেশ স্বচ্চ আৰু নিকা কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে সেই সময়তে তামুলপুৰ মহকুমাৰ অন্তৰ্গত ১নং জামুগুৰী, বেলখুটি, সোনাৰীবস্তীকে ধৰি বিভিন্ন প্ৰান্তত অনাময় আঁচনিৰ শৌচালয় নিৰ্মানৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তামুলপুৰ সংমণ্ডলৰ অধীনষ্ঠ শৌচালয় নিৰ্মানৰ কাম লাভ কৰা এনজিঅ, ঠিকাদাৰ আৰু মধ্যভোগী দালালে দাবী কৰা ধন নিদিলে দৰিদ্ৰ জনসাধাৰণে নাপায় চৰকাৰী আঁচনিৰ শৌচালয়৷ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ১ নং জামুগুৰী, বেলখুটি, সোনাৰীবস্তী অঞ্চলৰ বহু দৰিদ্ৰ পৰিয়ালে এতিয়াও নৈৰ পাৰত, বাৰীৰ পিচৰ জংঘলত নিত্য কৰ্ম সমাপন কৰিবলগীয়া হৈছে। অতি নিম্ন মানৰ কাম তথা দাবী কৰা ধন নিদিয়াৰ বাবে শৌচালয়ৰ নিৰ্মানৰ কাম অসম্পূৰ্ণ কৰাত সম্প্ৰতি জহি খহি গৈছে অৰ্ধনির্মিত শৌচালয় সমূহ। শৌচালয় নিৰ্মান কৰিব যোৱা মিস্ত্ৰীক আনকি মদ মাংস যোগান নধৰিলেও ভালদৰে কাম নকৰে বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে৷ দিন হাজিৰা নকৰিলে দুবেলা দুমুঠি খাবলৈ নোপোৱা অঞ্চলটোৰ দৰিদ্ৰ পৰিয়াল সকলে চৰকাৰী আচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈ চৰম দুৰ্দশাত জীৱন অতিবাহিত কৰিব লগা হৈছে৷