তিতাবৰ, সংবাদ৩৬৫, ১১জুলাইঃ পুনৰ বিস্ফোৰক মন্তব্য কৃষক নেতা অখিল গগৈৰ। বুধবাৰে কৃষক নেতা অখিল গগৈয়ে তিতাবৰ কাৰ্যবাহী দণ্ডাধীশৰ আদালতত তেওঁৰ বিৰুদ্ধে চলি থকা এটি পুৰণি গোচৰৰ শুনানি দিবলৈ আহি তিতাবৰৰ আদালতত উপস্থিত হৈ শুনানিত অংশগ্ৰহণ কৰাৰ পিছতে স্থানীয় সাংবাদিকেৰে হোৱা কথা বাৰ্তাত মন্তব্য ব্যক্ত কৰি কয় যে “আৰ এছ এছ এটা জিৰ” পাৰ্টি, আৰ এছ এছে কেৱল অখিল গগৈ আৰু অসমীয়া মানুহক মাৰিবৰ বাবেই বন্ধুকৰ ট্ৰেইনিং দিয়ে। প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে মিছা কথা কয়, ৰঞ্জিত দাসে বিধানসভাৰ অধ্যক্ষ হৈ থাকোতে লণ্ডনৰ পৰা বৃন্দাৱনী বস্ত্ৰ ঘূৰাই আনিম বুলি দিয়া প্ৰতিশ্ৰুতি আজিও ৰাখিব নোৱাৰিলে বুলি মন্তব্য কৰে। অখিল গগৈয়ে ৰঞ্জিত দাসক প্ৰত্যাহ্বান জনায় কয় যে যেতিয়াই অখিল গগৈক মাতে তেতিয়াই গান্ধী মণ্ডপত নাথুৰাম গডছে মূর্দাবাদ ধ্বনি দিবলৈ অখিল গগৈ প্ৰস্তুত। লগতে কাজিৰঙাৰ অৰ্কিড পাৰ্কত হামলা দি চৰকাৰে অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক বশ কৰিব বিচাৰিছে বুলি মন্তব্য কৰি চৰকাৰে অগণতান্ত্ৰিক আৰু ফেচিবাদী চৰিত্ৰ ৰূপায়ণ কৰিছে বুলি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰে।কিন্তু মাননীয় উচ্চ ন্যায়ালয়ে চৰকাৰৰ এই ফেচিবাদী ,অগণতান্ত্ৰিক কাৰ্যক ব্যৰ্থ কৰি কাজিৰঙাৰ অৰ্কিড পার্ক উচ্ছেদৰ প্ৰচেষ্টা ব্যৰ্থ কৰা বুলি মন্তব্য কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ক অভিবাদন জনায় ।