তিনিচুকীয়া, সংবাদ ৩৬৫, ১২ ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ ৩৭ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ সংযোগী পথত সোমবাৰে এক ভয়াৱহ পথ দূৰ্ঘটনা সংঘটিত হয়৷ তিনিচুকীয়াৰ পানীতোলা দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা এখন অট’ক বাইপাছ দিশৰ পৰা তিব্ৰগতিত অহা চিআৰপিএফৰ এমএইচ-১৪-এফ-৯৮৫৫ নম্বৰৰ গাড়ীখনে মহটিয়াই নিয়াত তিনিজন যাত্ৰীৰ থিতাতে মৃত্যু হয়৷ নিহত যাত্ৰী কেইজন তিলো চেতিয়া, ননী নাগ আৰু এগৰাকী দুবছৰীয়া কনমানি দিকশিতা মেচ বুলি চিনাক্ত কৰা হয়৷ আনহাতে এই দুৰ্ঘটনাত এঘাৰজনকৈ যাত্ৰী আহত হয়। আহতসকলক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও আটাইকে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। দূৰ্ঘটনা সংঘটিত কৰা বাহনখন যানবাহন আৰক্ষীয়ে তিনিচুকীয়া সদৰ থানালৈ লৈ আহে৷ সোমবাৰৰ এই ভয়ংকৰ ঘটনাটোৱে সমগ্ৰ তিনিচুকীয়া জিলাত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।