মানিকপুৰ, ১৪ এপ্ৰিলঃ অসমৰ বিএছএফ জোৱানৰ ত্ৰিপুৰাত ৰহস্যজনক মৃত্যু হোৱা ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মৃত্যু হোৱা জোৱানজন বঙাইগাঁৱৰ ভাটিপাৰাৰ ৰিজু আলী (২৫)। জোৱানজনৰ কালি মৃত্যু, হোৱা বুলি বিভাগীয় ভাবে পৰিয়ালক অৱগত কৰে। জোৱান জনৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে গাওঁবাসী।২০১০ চনত চাকৰিত যোগদান কৰা ৰিজু আলীয়ে ২০১৪ চনত বিয়া পাতিছিল। এটি সন্তানৰ পিতৃ ৰিজুৰ সংসাৰখন সুখৰ নাছিল। কনমানি সন্তান সহ পত্নীক লৈ ৰিজু ত্ৰিপুৰাত আছিল। এজন বন্ধুৱে ৰিজু ফাঁচী লৈ আত্মহত্যা কৰিছে বুলি জনাইছে যদিও পৰিয়ালৰ লোকে বিশ্বাস কৰা নাই। এয়া হত্যাকাণ্ড হ’ব পাৰে বুলি ধাৰণা কৰিছে। কাইলৈ ৰিজুৰ নশ্বৰ দেহ ঘৰলৈ অনা হ’ব।