ত্ৰিপুৰা, সংবাদ ৩৬৫,  ৬ মাৰ্চ: ত্ৰিপুৰাত ২৫ বছৰীয়া চিপিআই (এম)ৰ শাসনৰ সমাপ্তি ঘটাই বিজেপি ক্ষমতালৈ অহাৰ পিছত ত্ৰিপুৰাত হিংসাত্মক ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। পশ্চিম ত্ৰিপুৰাৰ বেলোনিয়াত একাংশ উদণ্ড বিজেপি কৰ্মীয়ে বুলডজাৰ লগাই বিশ্বপ্ৰসিদ্ধ বাওঁপন্থী নেতা লেনিনৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ লগতে ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ৰাজ্যখনত একাংশ উদণ্ড বিজেপি কৰ্মীয়ে বিভিন্ন প্ৰান্তত চিপিআই (এম)ৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে চিপিআই (এম)ৰ কৰ্মীক মাৰপিট কৰাৰো অভিযোগ উত্থাপন হৈছে। বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয় লাভ কৰাৰ পিছৰে পৰা ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতিৰ দ্ৰুত অৱনতি হোৱাত প্ৰশাসনে ১৪৪ ধাৰা ঘোষণা কৰিছে। বিজেপি কৰ্মীৰ আক্ৰমণত ৰাজ্যখনৰ চিপিআই(এম)ৰ নেতা আৰু কৰ্মীসকল আতংকিত হৈ পৰিছে। বিজেপি কৰ্মীৰ আক্ৰমণ সন্দৰ্ভত চিপিআই (এম) কৰ্মীয়ে আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে যদিও ক্ষমতা পাই একাংশ বিজেপি কৰ্মীয়ে ৰাজ্যখনৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ত্ৰিপুৰাত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে চিপিআই (এম)ৰ নেতা পৱিত্ৰ কৰে ক্ষমতালৈ আহি বিজেপিয়ে সন্ত্ৰাস চলোৱাৰ অভিযোগ কৰিছে। আতংকিত চিপিআই (এম)ৰ কৰ্মীসকলে আক্ৰমণকাৰী বিজেপি কৰ্মীৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে। জানিব পৰা মতে ত্ৰিপুৰাৰ একাংশ সাংবাদিকক চিপিআই(এম)ৰ হৈ কাম কৰাৰ অভিযোগত বিজেপিৰ একাংশ কৰ্মীয়ে ভাবুকিও প্ৰদান কৰিছে।

ভিডিও চাবলৈ তলৰ লিংকত ক্লিক কৰক।