বৰপেটা, ১১ জানুৱাৰীঃ  বৰপেটা জিলাৰ নৈপৰীয়া অঞ্চলৰ এজন নিবনুৱা যুৱকে চৰকাৰী সাহায্যৰ অবিহনে কৃষি কৰ্মৰে স্বাৱলম্বী হবলৈ সক্ষম হৈছে। অশেষ কষ্ট আৰু পৰিশ্ৰমেৰে প্ৰায় পঞ্চাচ বিঘাতকৈ অধিক ভূমিত অাৰম্ভ কৰিছে থাইলেণ্ডৰ বগৰী, হাইব্ৰিড মধুৰীআম, মৌচুমী, আম, জলফাইকে ধৰি বিভিন্ন ধৰনৰ ফল মূলৰ খেতি। পশ্চিম বংগৰ কলকাতাৰ পৰা পুলি আনি বৰপেটা জিলাৰ কাছুমাৰাৰ মইনুল হক নামৰ শিক্ষিত যুৱক জনে প্ৰথমে আৰম্ভ কৰিছিল বগৰীখেতি। মইনুল হকৰ বগৰীয়ে বৃহত্তৰ সোণতলী অঞ্চলৰ ফলৰ বজাৰ দখল কৰাৰ লগতে বৰপেটা, গোৱালপাৰা, মিৰ্জা, গুৱাহাটী আদিকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয়।
প্ৰতি বিঘাৰ বগৰী খেতিত প্ৰায় চল্লিছ হাজাৰ টকা খৰচ কৰি বছৰি দুইলাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এইজন নিবনুৱা যুৱকে। মইনুল হক’ক আদৰ্শ হিচাপে গ্ৰহণ কৰি বৰ্তনাম অঞ্চলটোৰ বহু যুৱকে বগৰী খেতিৰ লগতে বিভিন্ন ফল মূলৰ খেতি কৰি অঞ্চলটোত এক কৃষি বিপ্লৱৰ সূচনা কৰিছে।