গুৱাহাটীৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২৫ মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাহিলিপাৰাৰ দক্ষিণগাঁওস্থিত টিএবি মেমৰিয়ল জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে সফলতাৰে উত্তীৰ্ণ হোৱাত বিদ্যালয়খনত এক উৎসৱমুখ পৰিবেশ দেখিবলৈ পোৱা যায়। বিদ্যালয়খনৰ ২৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত ১১ গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান লাভ কৰাৰ লগতে ৭ গৰাকী ছাত্ৰ ছাত্ৰী দ্বিতীয় স্থান আৰু পাছ গৰাকী ছাত্ৰ ছাত্ৰী তৃতীয় স্থান লাভ কৰে। কাহিলিপাৰাৰ দক্ষিণগাঁও অঞ্চলৰ ভিতৰত টিএবি মেমৰিয়ল জাতীয় বিদ্যালয়খনে প্ৰতি বছৰৰ দৰে এইবেলিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱাত বৃহত্তৰ কাহিলিপৰাবাসী ৰাইজ উৎফুল্লিত হৈ পৰে। আগন্তুক দিনবোৰত বিদ্যালয়খনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল অব্যহত ৰাখিব বুলি স্কুল কৰ্তৃপক্ষই জানিবলৈ দিয়ে।