বকো, সংবাদ ৩৬৫, ২১ এপ্ৰিলঃ দক্ষিণ কামৰূপৰ বকোত সাত বিহুৰ দিনা মহা মিলনৰ তীৰ্থভূমিত পৰিণত হ’ল বকোৰ সুঁৱৰি উৎসৱস্থল৷ বকো আঞ্চলিক সুঁৱৰি উৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰা এই সুঁৱৰি উৎসৱত কেইবাহাজাৰ দৰ্শকৰ সমাগম হোৱাত জনসমূদ্ৰত পৰিণত হয় বকোৰ সুঁৱৰি উৎসৱ থলী৷ বিগত বছৰবোৰৰ দৰে এই বেলিও দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত বকো আঞ্চলিক সুঁৱৰি উৎসৱ সমিতিয়ে শুক্ৰবাৰে দিনযোৰা বাৰেৰহনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰে ১০৬ সংখ্যক সুৱৰী উৎসৱ। উৎসৱটো শুভোদ্বোন কৰে বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাসে। বকো আঞ্চলিক সুঁৱৰি উৎসৱৰ লগত সংগতি ৰাখি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বিভিন্ন ধৰণৰ খেল ধেমালীৰ লগতে দৌৰ, ধামা কোবোৱা, তেলগছত বগোৱা, ঘোৰা দৌৰকে ধৰি বিভিন্ন প্ৰতিযোগিতা। অসমীয়া কলা কৃষ্টিৰ লগত জড়িত বিহু নৃত্য, বড়ো কৃষ্টি, কোচৰাজবংশী নৃত্য, ৰাভা কৃষ্টি, হানা ঘোঁৰা বিভিন্ন কলা কৃষ্টি সংস্কৃতিৰ বিশাল সমাহাৰ ঘটে বকো সুঁৱৰি বাকৰিত। বিশাল আয়োজনৰ সুঁৱৰি উৎসৱথলীত শ্ৰীশ্ৰী শ্যামৰায় গোসাঁই, শ্ৰীশ্ৰী বুঢ়া গোসাঁই, শ্ৰীশ্ৰী মহিমা গোসাঁইকে ধৰি কেইবাগৰাকী গোসাঁইৰ বিগ্ৰহসমূহ উপস্থাপন কৰি ভক্তপ্ৰাণ ৰাইজে বছৰটো কুশলে পৰা হোৱাৰ আশীৰ্ব্বাদ গ্ৰহণ কৰে। বিভিন্ন জাতি জনগোষ্ঠী মহামিলনৰ তীৰ্থ ভুমি হিচাবে পৰিগনিত হোৱা সুৱৰি উৎসৱ উপলক্ষে এখন মুকলি সভাও অনুষ্ঠিত হয়৷ মুকলি সভাত স্থানীয় বিধায়িকা নন্দিতা দাসে ভাষন প্ৰদান কৰে।