দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ১২ ফেব্ৰুৱাৰীঃ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ আহ্বানত আজি ৰাজ্য জুৰি পালন কৰা ২৪ ঘণ্টীয়া চকা বন্ধৰ মাজত ধুবুৰী জিলাৰ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ এলেকাত বন্ধ সমৰ্থকসকলে চৰকাৰৰ বিৰুদ্ধে পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্থ কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলাত মটৰ শ্ৰমিকসকলে চকা বন্ধ পালন নকৰিলেও গুৱাহাটী, গোৱালপাৰা, বৰপেটা, বঙ্গাইগাঁওলৈ চলাচল কৰা বাহনৰ চকা বন্ধ পালন কৰা পৰিলক্ষত হয়। উল্লেখ্য যে, পূৰ্বৰ অসম চৰকাৰ দৰে বিজেপি চৰকাৰখনৰ দিনতো ডিজেল, পেট্ৰলৰ মুল্যবৃদ্ধি , একচেতীয়া কৰ্পোৰেট গোষ্ঠীৰ যান বাহন আইন সংশোধন কৰাৰ বাবে অসম চৰকাৰে যো যা চলাই থকাৰ বিৰোধিতা কৰি আৰু সকলো স্তৰৰ মটৰ শ্ৰমিকৰ কল্যাণ আঁচনি প্ৰৱৰ্তন কৰাৰ দাবীত সোমবাৰে ৰাতিপুৱাৰ চাৰি বজাৰ পৰা আৰম্ভ হোৱা চকা বন্ধ কাৰ্যসূচী মঙলবাৰে ৰাতিপুৱা তিনি বজালৈ চলি থাকিব বুলি সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদে বিভিন্ন প্ৰকাৰৰ পোষ্টাৰিং কৰি চকা বন্ধৰ কার্যসূচী ঘোষনা কৰে। উক্ত ঘোষণা মতে সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চকা বন্ধ চলি থকাৰ মাজত ধুবুৰী জিলাৰ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানা এলেকাত বন্ধৰ প্ৰভাৱ ব্যপক ভাৱে পৰা পৰিলক্ষিত হয়। অঞ্চলটোৰ মটৰ শ্ৰমিক সকলে ৰাতিপুৱাৰ পৰাই ওলাই আহি পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্থ কৰে। প্ৰতিবাদকাৰী সকলে অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰকাৰৰ শ্লগান দি পৰিবেশ উত্তাল কৰি তোলাও পৰিলিক্ষত হয়। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা, টুমনি, হাটশিঙিমাৰী, মানকাচৰত চকা বন্ধৰ কোনো প্ৰভাৱ নপৰা দেখা গল যদিও অঞ্চল কেইখনৰ পৰা গুৱাহাটী, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, কোকৰাঝাৰলৈ চলাচল কৰা বাহনসমূহৰ চলাচল বন্ধ ৰাখি চকা বন্ধ পালন কৰা পৰিলক্ষত হয়।