নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ দেশৰ আঠখন ৰাজ্যৰ দহখন বিধানসভা উপনিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হয়।  দহখন আসনৰ পাঁচখনত বিজেপি জয়যুক্ত  হয়। হিমাচল প্ৰদেশ, অসম, দিল্লী, ৰাজস্থান আৰু মধ্য প্ৰদেশ, বান্ধৱগড় আসনত বিজেপিয়ে বিজয় জয়লাভ কৰাৰ বিপৰীতে কৰ্ণাটকৰ দুয়োখন আসন কংগ্রেছে দখল কৰে। পশ্চিম বংগত তৃণমূল কংগ্ৰেছ আৰু ঝাড়খণ্ডত ঝাড়খণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী  বিজয় হয়। অসমত নতুনকৈ বিজেপিলৈ যোৱা ৰনোজ পেগু ধেমাজিৰ আসনখন নিজৰ দললৈ আনিবলৈ সফল হয়। পেগুৱে কংগ্ৰেছৰ বাবুল সোনোৱালক ৯২৮৫ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে। ধেমাজিৰ আসনখনত কংগ্ৰেছ জয়লাভ কৰিব নোৱাৰিলেও ২০১৬ ৰ বিধানসভা তুলনাত পৰাজিত ভোটৰ সংখ্যা হ্ৰাস কৰিবলৈ সক্ষম হয়