মিৰ্জা, ১৯ অক্টোবৰঃ অতীতৰ পৰা চলি অহা প্ৰথা মতে ৰাম আৰু সীতাই বনবাসৰ পৰা ৰাজঘৰলৈ উভতি অহাৰ সময়ত সকলোৱে বন্তি প্ৰজ্বলন কৰি পদুলিমুখ পোহৰাই ৰাখিছিল। অতীতৰ পৰম্পৰাক সুঁৱৰি আজিও সমগ্ৰ দেশে পালন কৰে এই পোহৰৰ উৎসৱ দিপাৱলী তথা দেৱালী। দিপাৱলীৰ এই আনন্দ উৎসৱৰ নামত অসামাজিক কাম সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত দেৱালীৰ আনন্দৰ নামত চলিছে মুকলি জুৱাৰ আদ্দা। প্ৰাপ্ত তথ্য মতে, দক্ষিণ কামৰূপৰ পলাশবাৰী, বকো, ছয়গাঁৱৰ বিভিন্ন প্ৰান্তত চলিছে অবাধ জুৱা খেল। দিপাৱলীৰ কেইদিনমান পূৰ্বৰ পৰা চলিছে জুৱা খেলৰ ব্যাপক আয়োজন। আনহাতে জিলা প্ৰশাসন তথা আৰক্ষীয়ে সমগ্ৰ বিষয়টোত নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাত স্থানীয় লোকে আশ্চৰ্য্য প্ৰকাশ কৰিছে।