শিমলুগুৰি, ১৯ অক্টোবৰঃ পোহৰৰ উৎসৱ দীপাৱলীত সকলোৱে কৰক আনন্দ।আনন্দ উল্লাসৰ পৰা বাদ পৰি নাথাকক মানসিক বিকাৰগ্ৰস্থ ৰোগী সকলো। এই উদ্দেশ্য লৈ শিমলুগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উজ্জ্বল গোস্বামীয়ে সহকৰ্মীৰ লগতে গাওঁৰক্ষী বাহিনী সদস্য আৰু শিমলুগুৰিৰ কেইজনমান উদীয়মান যুৱকক লগত লৈ দিপাৱলীৰ শুভকামনা জনালে নাজিৰাৰ বৰতলস্থিত হিউমেন ৱেলফেয়াৰ ছচাইটিত দ্বাৰা পৰিচালিত অসমৰ একমাত্র মহিলা মানসিক ৰোগী পুন:সংস্থাপন কেন্দ্ৰত। তেওঁলোকে অসমৰ বিভিন্ন ঠাইৰ বহু গৰাকী মানসিক ৰোগীৰ সৈতে মত বিনিময় কৰাৰ লগতে মিঠাই আৰু লঘু আতচবাজীৰ সামগ্ৰী বিতৰণ কৰে। উল্লেখ্য যে, নাজিৰাৰ সমাজ সংগঠক নাচেৰ খানৰ লগতে কেইজনমান অগ্ৰণী ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠা হিউমেন ৱেলফেয়াৰ ছচাইটিয়ে মানসিক ৰোগীৰ বিনামূলীয়া চিকিৎসা আৰু পুণ:সংস্থাপনৰ জৰিয়তে সমাজলৈ অনবদ্য অৱদান আগবঢ়াইছে।