দিল্লী, ৫ মেঃ সমগ্ৰ দেশজুৰি তীব্ৰ আলোড়নৰ সৃষ্টি কৰা দিল্লী ৰাজপথত নিশা গণধৰ্ষণৰ বলি হৈ মৃত্যুক আকোঁৱালি লোৱা যুৱতীগৰাকীৰ অভিযুক্ত চাৰিজনক দিল্লী উচ্চতম ন্যায়ালয়ে মৃত্যুদণ্ডৰ আদেশ বাহাল ৰাখে৷ দিল্লী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপক মিশ্ৰা, আৰ ভানুমতী আৰু অশোক ভূষনে  অভিযুক্ত অক্ষয় কুমাৰ, বিনয় মিশ্ৰা, পৱন গুপ্তা আৰু মুকেশক দিল্লী উচ্চ ন্যায়ালয়ে দিয়া মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখে৷ ২০১২ চনৰ ১৬ ডিচেম্বৰৰ নিশা দিল্লীৰ ৰাজহুৱা বাছৰ চালকসহ ছয়জন লোকে যুৱতীগৰাকীৰ বন্ধু জনক বিষমভাবে মাৰপিট কৰি যুৱতীগৰাকীৰ ওপৰত অমানুষিক শাৰীৰিক নিৰ্যাতন চলাই ৰাজপথত পেলাই থৈ যায়৷ অভিযুক্তসকলৰ এজন কিশোৰো আছিল৷ এই ধৰ্ষণৰ ঘটনাই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ যুৱতীগৰাকীৰ ন্যায়ৰ দাবীত দিল্লীৰ লগতে সমগ্ৰ দেশৰ লাখ-লাখ জনতা ৰাজপথলৈ ওলাই আহিছিল৷ ঘটনাত জড়িত কিশোৰৰো গুৰুতৰ শাস্তি বিচাৰিছিল প্ৰতিবাদকাৰীয়ে৷ যুৱতীগৰাকীৰ বিচাৰত দিল্লী ফাৰ্স্ট ট্ৰেক আদালতে অভিযুক্ত কেইজনক মৃত্যুণ্ডৰে দণ্ডিত কৰিছিল৷ ২০১৪ চনত দিল্লী উচ্চ ন্যায়ালয়েও ফাৰ্স্ট ট্ৰেক আদালতৰ মৃত্যুদণ্ডৰ ৰায়কে বাহাল ৰাখে। কিন্তু দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই অভিযুক্ত কেইজনে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয়৷ সুদীৰ্ঘ তিনিবছৰৰ বিচাৰৰ অন্তত উচ্চতম ন্যায়ালয়ে দিল্লী উচ্চ ন্যায়ালয়ে ৰায় বাহাল ৰাখে৷ উক্ত ঘটনাত জড়িত গাড়ীচালক ৰাম সিঙে ইতিমধ্যে আত্মহত্যা কৰিছে৷ ৷